সাধাৰণ বাজেটত কৃষি ক্ষেত্ৰ আৰু কৃষকৰ উন্নয়নত বিশেষ গুৰুত্ব মোডী চৰকাৰৰ

Pic

দ্বিতীয় মোডী চৰকাৰৰ প্ৰথম সাধাৰণ বাজেটত কৃষি ক্ষেত্ৰ আৰু কৃষকৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।ইয়াৰ বাবে ১৬ টা এক্সন পইণ্টৰ বিষয়ে বাজেটত উল্লেখ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।বিত্তমন্ত্ৰীয়ে কয় যে দেশৰ কৃষক সকলক ১৫ লাখ কোটি টকাৰ ঋণ প্রদান কৰা হ'ব।১৫ লাখ কৃষকক কুসুম আঁচনিৰ অধীনত সৌৰশক্তিৰ পাম্প প্ৰদান কৰা হ'ব।সাগৰমিত্ৰ আঁচনি ৰূপায়ণ কৰা হ'ব,যাৰ দ্বাৰা দেশৰ যুৱ শক্তিক মৎস্য পালনৰ সৈতে জড়িত কৰা হব।বিত্তমন্ত্ৰীয়ে বাজেটত উল্লেখ কৰে যে দেশৰ মৎস্য উৎপাদন দুই লাখ টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।২০২৫ চনলৈ দেশত গাখীৰ উৎপাদন দুগুণ লৈ বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হ'ব বুলিও বিত্তমন্ত্ৰীয়ে কয়।

Your Comments