উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ পণবন্দী সংকটৰ অৱসান ঘটিছে।উত্তৰ প্ৰদেশ আৰক্ষীয়ে ২৩ টা শিশুক বৃহস্পতিবাৰৰ বিয়লিৰ পৰা এটা ঘৰত পণবন্দী কৰি ৰখা সুভাষ বাথম নামৰ এজন বিকৃত মনস্কৰ লোকক গুলীয়াই নিধন কৰি পণবন্দী সংকট সমাধান কৰে।লগতে,শিশুকেইটাক উদ্ধাৰ কৰে।উল্লেখযোগ্য যে লোকজনে শিশুকেইটাক মুক্তি দিয়াৰ বাবে ধন দাবী কৰিছিল।শিশুকেইটাক মুকলি কৰিবলৈ যোৱা এজন লোকক সুভাষ বাথমে গুলীয়াই আহত কৰিছিল।
- Log in to post comments
- 16 views