জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফে নিধন কৰিলে তিনিটা সন্ত্ৰাসবাদীক

Pic

জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নগৰ'টাত শুকুৰবাৰে পুৱা চিআৰপিএফৰ হাতত নিহত হ'ল তিনিটা সন্ত্ৰাসবাদী।উল্লেখ্য যে কেইটামান সন্ত্ৰাসবাদী এখন ট্ৰাকত লুকাই আহি কাশ্মীৰত প্ৰৱেশ কৰিবলৈ প্ৰয়াস কৰিছিল।বন্ন ট'ল প্লাজাৰ ওচৰত চিআৰপিএফে ট্ৰাকখন ৰখাওতে সন্ত্ৰাসবাদীকেইটাই চিআৰপিএফলৈ গুলীচালনা কৰাত চিআৰপিএফৰ গুলীত প্ৰথমতে এটা সন্ত্ৰাসবাদী নিহত হয় আৰু পিছত বাকীকেইটা সন্ত্ৰাসবাদী নিহত হয়।বৰ্তমান সুৰক্ষা বাহিনীয়ে ঘাইপথটো বন্ধ কৰি লুকাই থকা কোনো সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলাই আছে।

Your Comments