ভাৰতৰ প্রতিটো প্রান্ততে ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে।দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱস উদযাপনত প্ৰদৰ্শিত হ'ল ভাৰতীয় সেনাৰ শৌর্য্য,বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ উন্নয়ন,ৰাজ্যসমূহৰ বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা।ৰাজপথত গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকল আৰু বিভিন্ন দলৰ শীৰ্ষ ৰাজনৈতিক নেতাসকল।এইবাৰৰ দিল্লীৰ কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জৈৰ বৌলছনাৰো।
- Log in to post comments
- 13 views