আজি দেশে পালন কৰিছে ৭১ সংখ্যক গণৰাজ্য দিৱস।দেশৰ প্রতিটো প্ৰান্তৰতে গণৰাজ্য দিৱসৰ বাবে জাতীয় পতাকা উত্তোলন কৰাৰ লগতে লাডাখত তীব্র প্ৰতিকূল পৰিস্থিতিৰ মাজত ভাৰত-তিব্বত সীমা আৰক্ষী(আইটিবিপি)ৰ জোৱানসকলে ত্ৰিৰঙ্গা উত্তোলন কৰে।মাইনাচ ২০ ডিগ্ৰী চেলছিয়াছ তকৈও কম তাপমাত্ৰাত অত্যন্ত শীতৰ পৰিৱেশত দেওবাৰে পুৱা এই জোৱানসকলে ভাৰত মাতা কি জয়,বন্দে মাতৰম আদি ধ্বনি দি জাতীয় পতাকা উত্তোলন কৰে।উল্লেখযোগ্য যে অনুচ্ছেদ ৩৭০ আঁতৰাৰ পিছত কেন্দ্ৰীয় শাসিত প্ৰদেশ হোৱাৰ পিছত লাডাখত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন কৰা হৈছে।
- Log in to post comments
- 47 views