বানবিধ্বস্ত কেৰালালৈ ৭০০ কোটিৰ সাহায্য ইউ এ ইৰ

kerala_uae

যোৱা ৫০ বছৰে নোহোৱা ঘটনা ঘটি গ’ল কেৰালাত৷ ভয়াৱহ বানে আক্ৰান্ত কৰিলে ১২.৪৭ লাখ লোকক৷ প্ৰায় পাঁচশ লোকৰ মৃত্যু হ’ল৷ ৪৩ হাজাৰ গঞাক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ সমগ্ৰ দেশৰ লগতে বহু কেইখন ৰাষ্ট্ৰই কেৰালাৰ ঘটনাক লৈ উদ্বিগ্ন৷ কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ কাৰ্য্যৰ লগতে পুনসংস্থাপনৰ বাবে সকলো স্তৰৰ সহযোগ আগবঢ়াইছে ৷ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হ’বলৈ সহাৰ্য্য বিচাৰিছে কেৰালা চৰকাৰে৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৮ আগষ্টত ৫০০ কোটি টকা সাহায্য আগবঢ়াইছে৷ প্ৰধান মন্ত্ৰীয়ে নিজস্বভাৱে কেৰালাৰ পৰিস্থিতি অধ্যয়ন কৰি আহিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে ১০০ কাটি টকা আগবঢ়াইছে৷ কেৰালাবাসীৰ সংকটলৈ লক্ষ্য কৰি সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে ৭০০ কোটি টকা সাহাৰ্য্য হিচাপে আগবঢ়াইছে৷

uae_kerala


দেশৰ ৰাজ্য চৰকাৰসমূহে কেৰালাৰ বন্যাক্ৰান্তসকলৰ পক্ষত থিয় হৈছে৷ কেৰালা চৰকাৰক সহায় কৰিবলৈ গৈ টেলেঙ্গানা আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২,৩৫,০০০ টন চাউল প্ৰেৰণ কৰাৰ লগতে ১০০ কোটি টকা আগবঢ়াইছে৷ দিল্লী, বিহাৰ আৰু ওড়িশা চৰকাৰে ১০ কোটিকৈ টকা কেৰালা চৰকাৰলৈ প্ৰেৰণ কৰিছে৷অসম চৰকাৰেও অসমবাসীৰহৈ কেৰালাবাসীলৈ আগবঢ়াইছে ৩ কোটি টকা৷ ত্ৰিপুৰা চৰকাৰে ১ কোটি, মধ্যপ্ৰদেশে ১.৩১ কোটি দিয়াৰ লগতে তামিলনাডু, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড চৰকাৰেও অৰ্থ সাহায্য আগবঢ়াইছে৷

ৰাজ্য চৰকাৰসমূহৰ লগতে বৃহৎ ব্যৱসায়ী গোষ্ঠীসমূহেও কেৰালাৰ দুৰ্যোগৰ সময়ত কেৰালাবাসীৰ লগত থিয় হোৱা পৰিলক্ষিত হৈছে৷ বাজাজ অটোৱে ২ কোটি, হুণ্ডাইয়ে ১ কোটি, টিডিএছ মটৰ কোম্পানীয়ে ১ কোটি টকাৰ সাহায্য আগঢ়াইছে৷ দেশৰ ৰাজহুৱা খণ্ডৰ চাৰিওটা বীমা কোম্পানীয়ে কেৰালাত বাহৰ পাতি দুচকীয়া, চাৰিচকীয়া আদি বাহনসমূহৰ লগতে বাসগৃহসমূহৰ ক্ষেত্ৰত তাৎক্ষনিকভাৱে বীমা সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে৷ 

কেৰালাবাসীৰ সংকটপূৰ্ণ অৱস্থাই উচ্চতম ন্যায়ালয়ৰ ২৫জন ন্যায়াধীশকে উদ্বিগ্ন কৰিছে৷ তেখেতসকলে দৰমহাৰ এটা অংশ কেৰালাবাসীৰ বাবে আগবঢ়াইছে৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ পৰা ৩০ লাখ টকাৰ অৰ্থ সাহায্য প্ৰেৰণ কৰিছে৷ চেণ্ট্ৰেল ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীসকলে দৰমহাৰ এটা অংশ আগবঢ়াইছে৷ চিকিৎসা সেৱাৰ বাবে মুম্বাইৰ পৰা ৮০ জন চিকিৎসক কেৰালালৈ গৈছে৷

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়েই কেৰালাৰ বন্যাক্ৰান্তৰ পক্ষত থিয় হৈছে৷ কেৰালা চৰকাৰে সৰ্বদলীয় বৈঠকৰ দ্বাৰা এই সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সাহায্য বিতৰণৰ বিষয়ে আলোচনা কৰি সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে৷

Your Comments