KOO, ভাৰতীয়সকলৰ হাতত টুইটাৰৰ অন্য ভাৰ্চন । কেন্দ্রীয় মন্ত্রী ৰবি শঙ্কৰ প্রসাদ আৰু পীযূষ গোৱেল সহ কেইবাজন মন্ত্ৰীয়ে KOO ত একাউন্ট খোলাৰ কথা তেওঁলোকৰ টুইটাৰ পোষ্ট যোগে জনাইছে। টুইটাৰৰ দৰেই প্ৰস্তুত কৰা হৈছে KOO।
KOO ৰ CEO অপৰামেয়া ৰাধাকৃষ্ণই জনাইছে যে, তেওঁলোকে ২০১৯ চনৰ নবেম্বৰ মাহৰপৰাই এই এপটোৰ কাম আৰম্ভ কৰিছিল । তেওঁ লগতে জনাই যে ইন্টাৰনেটত ভাৰতীয় ভাষাৰ প্ৰয়োগ বঢ়াবলৈ এই সিদ্ধান্ত লৈছে তেওঁলোকে । কিয়নো বৰ্তমান চলিত প্লেটফৰ্মসমূহত ইংৰাজী ভাষাক অধিক প্ৰাধান্য দিয়া হয় । কিন্তু এই প্লেটফৰ্মত তেনি নহ’ব । নিজ ভাষাৰ প্রতি অধিক গুৰুত্ব দিয়া হ’ব Koo ত ৷
KOO হ’ল এটা micro-blogging প্লেটফৰ্ম । iOS আৰু Google Play Storeত উপলব্ধ এই এপটো ।
সকলোৱে প্রকাশ্যে Koo-ত নিজৰ মতামত জনাই ভইচ্ পোষ্ট কৰিব পাৰিব। অন্যান্য উপভোক্তাসকলেও অনুসৰণ কৰিব পাৰিব পোষ্ট সমূহ । নিউজ ফিডত অন্যান্য উপভোক্তাৰ পোষ্ট চাব পাৰিব। মোবাইল নম্বৰ ব্যৱহাৰ কৰি একাউণ্ট খুলিব পাৰিব Kooত । উপভোক্তাসকলে তেওঁলোকৰ ফেচবুক, লিংকডইন, ইউটিউব আৰু টুইটাৰ ফিডৰ লগত কো-প্রোফাইলটো সংলগ্ন কৰাৰ বিকল্পও ৰখা হৈছে এই এপ্টোত ।
- Log in to post comments
- 31 views