পুৰাণবোৰ্কা স্প'ৰ্টছ ক্লাবৰ উদ্যোগত শঙ্কৰদেৱ বিদ্যামন্দিৰ হাইস্কুল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দিলীপ পাঠক সোঁৱৰণি প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ দেওবাৰে ফাইনেল খেলখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে ।
উদ্বোধনী ভাষণত তেখেতে খেলৰ জৰিয়তেও এজন খেলুৱৈয়ে নাম উজলাব পাৰে বুলি উল্লেখ কৰে । নিষ্ঠা আৰু সততাৰে খেলত মনোনিৱেষ কৰিলে এজন ভাল খেলুৱৈ হ'ব পাৰি বুলি তেওঁ মন্তব্য কৰে ।
হিমা দাসে যেনেকৈ নিজৰ প্ৰতিভাৰে দেশৰ লগতে নিজৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তেনে আৰ্দশেৰে খেলুৱৈসকলক আগবাঢ়িবলৈও তেওঁ আহ্বান জনায় ।
সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে ৷ উক্ত কাৰ্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকা আৰু সমাজকৰ্মী আব্দুল চামাদসহ ভালেকেইগৰাকী নেতা উপস্থিত থাকে ।
উল্লেখ্য যে ভাই ভাই ক্লাব আৰু ডোবক মনকো ক্লাবৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত ভাই ভাই ক্লাব জয়ী হয় ।
- Log in to post comments
- 17 views