মৰিগাঁও জিলা প্ৰশাসনৰ অভিলাষী পদক্ষেপ : ২৫ কৃষকক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিব বাংগালুৰুলৈ

marigaon

মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন : 

উদ্যান শস্য আৰু শাক-পাচলি উৎপাদনেৰে মৰিগাঁৱক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ তৎপৰতাত ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদে এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি মৰিগাঁও জিলাৰ ২৫ জন যুৱ কৃষকে ২১ দিনীয়া এক প্ৰশিক্ষণৰ বাবে বাংগালোৰলৈ ৰাওনা হব। বাংগালোৰৰ ভাৰতীয় উদ্যান শস্য গৱেষণা কেন্দ্রত ২০২০ চনৰ ১৭ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া প্ৰশিক্ষণ কাৰ্যসূচীটোত অংশ গ্ৰহণ কৰিব লগীয়া কৃষক সকলৰ  যাতায়ত আৰু থকা খোৱাৰ সম্পূৰ্ণ ব্যয় ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদে বহণ কৰিব বুলিও জনিবলৈ দিছে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে বিগত মে মাহত উদ্যান শস্য তথা শাক পাচলি উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা বহন কৰা মৰিগাঁও জিলাক উদ্যান শস্য উৎপাদনৰ সফল ক্ষেত্র ৰূপে গঢ়ি তুলাৰ এক অভিলাষী আচঁনি গ্ৰহণ কৰিছিল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ  মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদে। ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদে ই ডি পি  আচঁনিৰ অধীনত মৰিগাঁও জিলাক উদ্যান শস্যৰ সম্ভাৱনা ক্ষেত্রৰূপে বাচনি কৰি এক উচ্চ পৰ্যায়ৰ কৃষি বিজ্ঞানীৰ জৰিয়তে ক্ষেত্র ভিত্তিক জৰীপ সম্পন্ন কৰি ফলপ্ৰসূ পৰিকল্পনা যুগুত কৰিছিল।

ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনৰ এন এইচ পিৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত বাংগালুৰুস্থিত ভাৰতীয় উদ্যান শস্য গৱেষণা কেন্দ্রৰ অধ্যক্ষ,জেষ্ঠ্য কৃষি বিজ্ঞানী ড০ বালাকৃষ্ণনৰ নেতৃত্বত অহা ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদ,মৰিগাঁৱৰ কাহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্র আৰু অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অভিযন্তা সহ উচ্চ কাৰিকৰি দক্ষতা সম্পন্ন সজাতি দলটোৱে মৰিগাঁও জিলাৰ উদ্যান শস্যৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্র,মৰিগাঁও জিলাৰ উদ্যান শস্য উৎপাদনৰ সৈতে জড়িত কৃষক সকলৰ লগত মত বিনিময় কৰিছিল। মৰিগাঁও জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলে সহযোগীতা আগবঢ়োৱা উক্ত উচ্চ পৰ্যায়ৰ জৰীপকাৰী কৃষি বিজ্ঞানী দলটোৱে মৰিগাঁও জিলাৰ ভূৰবন্ধা,নেলী,মায়ং আৰু মৈৰাবাৰী কৃষি চক্ৰৰ অধীনৰ উদ্যান শস্যৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্র আৰু কৃষক সকলৰ সৈতে বিভিন্ন দিশৰ ওপৰত আলাপ আলোচনাত মিলিত হোৱাৰ উপৰিও জলসিঞ্চনৰ দিশ,অত্যাধুনিক কাৰিকৰী কৃষি পদ্ধতিৰে অধিক লাভান্বিত হোৱাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰে। উক্ত কৃষি আৰু কাৰিকৰী ক্ষেত্রৰ অভিজ্ঞ দলটোৱে জিলাখনৰ নেলী,শিলচাং আৰু ধৰমতুল গাঁও পঞ্চায়তৰ অধীনৰ বিভিন্ন কৃষি ভূমিত জলসিঞ্চন ব্যৱস্থাৰ সহায়ত উদ্যান শস্য কৰি সুফল লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা বিষয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক তথা ভাৰতীয় উদ্যান শস্য পৰিষদৰ পৰিচালন সঞ্চালক ড০ এম আৰিজ আহমেদৰ তৎপৰতাত উদ্যান শস্যৰ সম্ভাৱনা আৰু সফল প্ৰয়োগৰ ক্ষেত্রত ক্ষেত্রভিত্তিক জৰীপৰ বাবে মৰিগাঁও জিলালৈ অহা কেন্দ্রীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোৱে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উক্ত বৈঠকতে উদ্যান শস্য ক্ষেত্রৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ আচঁনিৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ উদ্যমী যুৱ কৃষকক বাংগালুৰুস্থিত ভাৰতীয় উদ্যান গৱেষণা কেন্দ্রলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উক্ত সিদ্ধান্তৰ আধাৰতে প্ৰথম পৰ্যায়ত জিলাখনৰ ২৫ জন যুৱ কৃষকক নিৰ্বাচিত কৰি বাংগালুৰুলৈ প্ৰেৰণৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলি জনিবলৈ দিছে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। জিলাখনৰ  যুৱ কৃষক সকলক বাংগালুৰুলৈ প্ৰেৰণ কৰা হব বুলি জনিবলৈ পাই মৰিগাঁও জিলাৰ কৃষক সকলৰ মাজত এক আনন্দ উল্লাস সৃষ্টি হৈছে। তাৎপর্যপূৰ্ণ বিষয় এইয়ে যে যুৱ কৃষক সকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণিৰ পিছতেই দ্বিতীয় পৰ্যায়ত জিলাখনৰ আন এটা যুৱ কৃষকৰ দলো বাংগালোৰলৈ প্ৰশিক্ষণৰ বাবে ৰাওনা হ'ব।

Your Comments