অসম আৰক্ষীত নতুন ইতিহাস : কমাণ্ডো বেটেলিয়নৰ প্ৰথম মহিলা অধিনায়ক ডাঃ ৰমনদীপ কৌৰ

Pic

নিউজ ডেস্ক:অসমৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি নিৰ্মূলৰ বাবে ১৯৯৬ চনত  জন্ম দিয়া হৈছিল অসমৰ প্ৰথমটো কমাণ্ডো বেটেলিয়ন। প্ৰথমাৱস্হাত কাহিলিপাৰাত ইয়াক অস্হায়ীভাৱে নিৰ্মাণ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত অৰ্থ্যাৎ ২০০০ চনত কামৰূপ জিলাৰ মান্দাকাটালৈ ইয়াক স্থায়ীভাৱে স্থাপন কৰা হয়। এই বেটেলিয়নটোৱে ইতিমধ্যে অসমৰ বহু বিখ্যাত অপাৰেশ্যনত অংশগ্ৰহণ কৰাৰ উপৰি ভি আই পিৰ সুৰুক্ষাৰ বাবেও নিয়োজিত হয়। অসম আৰক্ষীৰ লগতে ভাৰতৰ গৃহদপ্তৰতো ইয়াৰ আছে এক সুকীয়া স্হান। তদানীন্তন কাহিলিপাৰাস্হিত ৪ নং অসম আৰক্ষী বেটেলিয়নৰ ভাৰপ্ৰাপ্ত অধিনায়কৰ পৰা আৰম্ভ কৰি ডাঃ ইনামুল হক মেংনুলৈ সকলোৱেই আছিল পুৰুষ অধিনায়ক। শেহতীয়াকৈ, আই পি এছ বিষয়া ডাঃ ইনামুল হক মেংনু ডেপুটেশ্যনত যোৱাৰ বাবে ২০১৩ বৰ্ষৰ আই পি এছ বিষয়া ডাঃ ৰমনদীপ কৌৰে যোৱা ২৭ ছেপ্তেম্বৰ তাৰিখে গৃহবিভাগৰ নিৰ্দেশ অনুযায়ী নৱনিযুক্ত অধিনায়ক হিচাপে যোগদান কৰে। 

        ১৯৮৩ চনৰ ১১ জুলাই তাৰিখে পঞ্জাবৰ পাঠানকোটত জন্মগ্ৰহণ কৰা এইগৰাকী আই পি এছ বিষয়াই প্ৰথমে ছেইণ্ট জোচেফ্ছ কনভেন্ট বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত চিকিৎসা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। চিকিৎসক ডাঃ ৰমনদীপ কৌৰ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১২-১৩ চনত ইউ পি এছ চিৰ দ্বাৰা আয়োজিত অসামৰিক সেৱাৰ পৰীক্ষাত ২৭৩ নং স্হান লাভ কৰি সফলভাৱে উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি অসম-মেঘালয় কেডাৰত সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰে। প্ৰথমেই গোলাঘাটত 'প্ৰবেশ্যনাৰী' হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত বজালীৰ মহকুমা আৰক্ষী বিষয়া, কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটী(উত্তৰ)ৰ উপ আৰক্ষী আয়ুক্ত তথা শেহতীয়াকৈ সহকাৰী মহাপৰিদৰ্শক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইতিমধ্যে  ডাঃ ৰমনদীপ কৌৰৰ কৰ্মদক্ষতা আৰু স্বচ্ছতাৰ বাবে বিভিন্ন ঠাইত প্ৰশংসিত হৈ আহিছে। সেয়ে, অসমৰ একমাত্ৰ কমাণ্ডো বেটেলিয়নটোৰ প্ৰথম মহিলা অধিনায়ক হিচাপে দায়িত্বভাৰ লোৱাৰ লগে লগে গোটেই বিষয়টোৱে  এক বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে সৃষ্টি কৰিলে এক নতুন ইতিহাসৰো।

Your Comments