নগাঁৱত সপ্তমী পূজা উপলক্ষে দুৰ্গা মণ্ডপত ভক্তৰ ভিৰ

Durga

ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ লগতে নগাঁও জিলাৰ বিভিন্ন ঠাইত শনিবাৰে অনুষ্ঠিত হয় দুৰ্গতিনাশিনী দুৰ্গা দেৱীৰ সপ্তমী বিহিত পূজা। সপ্তমী পূজা উপলক্ষে আজি পুৱাৰে পৰা জিলাখনৰ সৰু-বৰ চাৰি শতাধিক পূজা মণ্ডপত ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত সয়। পূজা মণ্ডপসমূহত পুৰোহিতৰ মন্ত্ৰ‌, ঢাকৰ শব্দই আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে।সন্ধিয়া অনুষ্ঠিত হৈছে আৰতি। সন্ধিয়া পূজা মণ্ডপসমুহত হাজাৰ-হাজাৰ ভক্তৰ সমাগম পৰিলক্ষিত হয়। পূজাৰ বাবে নগাঁও চহৰত ব্যাপক যানজঁটৰ সৃষ্টি হয়। জিলাখনৰ প্ৰাচীন দুৰ্গা পূজা উৎসৱ হাতীমূৰা দূৰ্গা মন্দিৰত পৰম্পৰাগতভাৱে আজি অনুষ্ঠিত কৰা হৈছে সপ্তমী বিহিত পূজা। উল্লেখ্য যে ১৬৬৭ খ্ৰীষ্টব্দত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এই দুৰ্গা মন্দিৰ স্থাপন কৰিছিল। তেতিয়াৰ পৰাই এই দুৰ্গা মন্দিৰত দূৰ্গা পূজা চলি আহিছে। নগাঁৱৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ পুৰণিগুদামত ১১৯ বছৰীয়া কাঠৰ 

দুৰ্গা প্ৰতিমাৰ দুৰ্গা পূজাস্থলীত আজি বহু লোকৰ সমাগম হয়। এই পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে শিশু গ্ৰন্থমেলা। এই শিশু গ্ৰন্থমেলাতো মানুহৰ ভিৰ পৰিলক্ষিত হয়। নগাঁও চহৰৰ খ্ৰীষ্টানপট্টিত জানকীসেন উকীলৰ পৰিয়ালৰ ব্যক্তিগত পূজাস্থলীতো ৰাইজৰ ভিৰ দেখা যায়।এই পূজাই এইবাৰ ১৭০ বছৰত ভৰি দিছে। আনহাতে, নগাঁও চহৰৰ শ্ৰীশ্ৰী পঞ্চমুখী হনুমান মন্দিৰ দুৰ্গা পূজা, কৃষ্ণাশ্ৰম শিৱ মন্দিৰ দুৰ্গা পূজাস্থলীতো ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। বীণাপাণি নাট্য মন্দিৰ আৰু দুৰ্গা পূজা উৎসৱ সমিতিয়ে এইবাৰ উদযাপন কৰিছে ১৫০ বছৰীয়া দুৰ্গা পূজা উৎসৱ। আজি পুৱা সপ্তমী পূজা অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া নাটক মঞ্চস্থ কৰা হয়।

Your Comments