নগাঁৱৰ পূজাৰ আকৰ্ষণ হ'ব বালাকোটৰ এয়াৰ ষ্ট্ৰাইক, চিচিংফাঁক, সুউচ্চ শিৱ

Pic

নগাঁও জিলাৰ তিনি শতাধিক পূজা সমিতিৰ উদ্যোগত পূজা মণ্ডপসমূহত এতিয়া অন্তহীন ব্যস্ততা। চহৰখনত একাংশ পূজা সমিতিয়ে ১৫-২০ লাখ টকা পৰ্যন্ত বিশাল বাজেটেৰে অতি জাকজমকীয়া পূজাৰ আয়োজন কৰিছে।অধিকাংশ পূজা সমিতিয়েই ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখিও অত্যাধুনিক কাৰুকাৰ্যৰ চমৎকাৰিতা, আলোকসজ্জা, মণ্ডপৰ দৃশ্য চমক সৃষ্টি কৰিবলৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত পূজা সমিতিসমূহৰ মাজত আৰম্ভ হৈছে এক অঘোষিত প্ৰতিযোগিতা।এইবাৰ নগাঁও চহৰৰ দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণ হ'ব চহৰখনৰ ৰামকৃষ্ণ পথৰ ভাৰত সেৱাশ্ৰম সংঘৰ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰৰ পূজা সমিতিৰ পূজা। ৮ লাখ টকা বাজেটেৰে এইবাৰ এই পূজা সমিতিয়ে নিৰ্মাণ কৰিছে অকাল বোধন পূজাৰ দৃশ্য আৰু মানৱ জাতিৰ ক্ৰমবিৱৰ্তন।অকাল বোধন পূজাত ৰামচন্দ্ৰই ভাতৃ লক্ষ্মণৰ সৈতে পূজা কৰা আৰু এই পূজাত  পূজাৰীৰূপে দেখুওৱা হৈছে লংকাধিপতি ৰাৱণক। তদুপৰি পাহাৰৰ গুহাৰ ভিতৰত বান্দৰৰ পৰা কি দৰে মানৱৰ ক্ৰমবিকাশ হৈছিল, তাক আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ক্ৰমশঃ১০টা পৰ্যায়ত জীৱন্তৰূপে প্ৰদৰ্শন কৰা হ'ব ।এই সম্পূৰ্ণ কাৰুকাৰ্য পশ্চিমবংগৰ হুগলীৰ শিল্পী মৃন্ময় ঘোষ বিশ্বাস আৰু শিল্পী কুটিৰৰ শিল্পীয়ে প্ৰদৰ্শন কৰিব।পূজাৰ প্ৰতিমা তৈয়াৰ কৰিছে হুগলীৰেই শ্যামল প্ৰামাণিক আৰু আলোক সজ্জাৰ কাৰুকাৰ্য্য কৰিছে শিল্পী দিলীপ শৰ্মাই। 

ইফালে,কলংপাৰৰ চহৰ নগাঁৱৰ দুৰ্গা পূজাৰ চমৎকাৰিতাৰ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো শংকৰ মিছন পথ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰায় ১২লাখ টকা বাজেটৰে বিশেষ চমৎকাৰিত্ব প্ৰদৰ্শনৰ প্ৰস্তুতি তুংগত তুলিছে।এইবাৰ এই পূজা সমিতিয়ে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ আৰ্হিত এক বিশেষ পূজা মণ্ডপ তৈয়াৰ কৰিছে।চহৰখনৰ ছোট হয়বৰ নাজিৰাজান চীনাপট্টি সাৰ্বজনীন পূজা সমিতিয়ে নিৰ্মাণ কৰিছে চিচিংফাক।এই যাদুকৰী দ্বাৰ চাবলৈ ৰাইজৰ সোঁত বোঁৱাটো নিশ্চিত।চহৰখনৰ ঐতিহ্যমণ্ডিত নগাঁও বাঙালী সন্মিলনীয়ে দেৱী দুৰ্গাৰ বিশ্বৰূপ প্ৰদৰ্শন কৰিব।তেওঁলোকে পূজা মণ্ডপৰ দৃশ্যসজ্জা কৰিছে মৰাপাটৰ মৰাঠাৰীৰে।আনহাতে,হয়বৰগাঁও যুৱক সংঘই দক্ষিণ ভাৰতৰ প্ৰাচীন মন্দিৰৰ আৰ্হিত পূজাৰ মণ্ডপ নিৰ্মাণ কৰাৰ লগতে পূজা মণ্ডপৰ প্ৰৱেশদ্বাৰত নিৰ্মাণ কৰিছে ৩৫ ফুট উচ্চতাৰ শিৱ।চহৰখনৰ শণি ঠাকুৰবাৰী পথ পূজা সমিতিয়ে নিৰ্মাণ কৰিছে সূত্ৰধাৰী পাগৰ আৰ্হিত প্ৰকাণ্ড পূজা মণ্ডপ।ইয়াৰ জৰিয়তে গুৰুজনাৰ শংকৰী সংস্কৃতি প্ৰকট কৰি তোলা হ'ব।এই পূজা মণ্ডপৰ  দৃশ্য সজ্জা কৰিছে মচুৰ দাইলৰে।

 

Your Comments