বঙাইগাঁৱৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহে নিৰ্দ্ধাৰিত মাছুলতকৈ অতিৰিক্ত ধন আদায় লোৱাৰ অভিযোগ যুৱ-ছাত্ৰৰ

bgn

বঙাইগাঁওঃ 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে আজি যান- বাহনৰ প্ৰদূষণ কেন্দ্ৰসমূহে নিৰ্দ্ধাৰিত ধনৰ উপৰিও অতিৰিক্ত মাছুল লোৱা আৰু যান- বাহনসমূহ পৰীক্ষা নকৰাকৈ প্ৰদূষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি অহা বুলি উল্লেখ কৰি জিলা পৰিবহন বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷ বঙাইগাঁও জিলা পৰিবহন বিষয়াক প্ৰদান কৰা স্মাৰক পত্ৰত জিলা যুৱ ছাত্ৰ পৰিষদে উল্লেখ কৰা মতে শেহতীয়াভাৱে পৰিবহন আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বঙাইগাঁৱত থকা বিভিন্ন যান- বাহনৰ প্ৰদূষণ কেন্দ্ৰসমূহত নিৰ্দ্ধাৰিত ধনৰ উপৰিও অতিৰিক্ত মাছুল লৈ আহিছে যদিও সেই অতিৰিক্ত মাছুলৰ বাবদ কোনো ধৰণৰ ৰচিদৰ ব্যৱস্থা নাই ৷ তাৰোপৰি যান- বাহনসমূহ কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ উক্ত কেন্দ্ৰসমূহে প্ৰদূষণৰ প্ৰমাণ পত্ৰসমূহ দি অাহিছে ৷ গতিকে উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায় ৷

Your Comments