সোণাৰি বিধানসভা সমষ্টিত বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল

Pic

সোণাৰিৰ পৰা ঘন বৰা:

অহা ২১ অক্টোবৰত অনুষ্ঠিত হ'ব  লগা ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ  অন্যতম চৰ্চিত ১০৬ নং সোণাৰি বিধানসভা সমষ্টিত সোমবাৰে মনোনয়নপত্ৰ দাখিল কৰে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীয়ে।বহু জল্পনা-কল্পনাৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী নৱনিতা সন্দিকৈয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত বিজেপিৰ বহু নেতা-কৰ্মী তথা সমৰ্থকক লগত লৈ নিজৰ মনোনয়নপত্ৰ দাখিল কৰে।নৱনীতা সন্দিকৈক মনোনয়নপত্ৰ দাখিলৰ সময়ত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সাংসদ তপন গগৈ,ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা,বিধায়ক যোগেন মহন,আঙুৰলতা ডেকা,কুশল দুৱৰীয়ে।ইয়াৰ উপৰিও বিজেপি দলৰ অন্যান্য ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Pic

 

আনহাতে, বিৰোধী দল কংগ্ৰেছেও সদলবলে জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়নপত্ৰ।কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল চূড়ীয়ে ডিঙিত পিয়াজৰ মালা পৰিধান কৰি শাসকীয় দলৰ চৰকাৰখনৰ বিৰুদ্ধে মূল্যবৃদ্ধিৰ বিষয়ত প্ৰতীকি প্ৰতিবাদৰে নিজৰ মনোনয়নপত্ৰ দাখিল কৰে।বিৰোধী দলপতি দেৱব্ৰত শ‌ইকীয়া,বিধায়ক ৰূপজ্যোতি কুৰ্মী,প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোঁহাইকে প্ৰমুখ্যে কৰি ভালেসংখ্যক নেতা-কৰ্মীয়ে প্ৰাৰ্থী সুশীল চূড়ীক সংগ দিয়ে।

Your Comments