সদৌ অসম আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত গোলাঘাট ভলীবল ক'ছিং চেন্টাৰৰ ৰানাৰ্চ আপ খিতাপ

Pic

গোলাঘাটৰ প্ৰতিবেদক:

 
যোৱা ২৮ আৰু ২৯ ছেপ্টেম্বৰত ধেমাজিৰ কাৱৈমাৰীত অনুষ্ঠিত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ভলীবল কচিং চেন্টাৰে ৰানাৰ্চ আপ খিতাপ অৰ্জন কৰে। দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলত ধেমাজিৰ 'ক' দলে গোলাঘাট ক'ছিং চেন্টাৰ দলক ২-১ গেমত পৰাজিত কৰি বিজয়ী হয়। আনহাতে,পুৰুষৰ খেলত যোৰহাট আৰু ধেমাজিৰ দলৰ মাজত অনুষ্ঠিত 
চূড়ান্ত খেলখনত কাৰিকৰী বিঁজুতি ঘটাত অমীমাংসিতভাৱে দুয়োটা দলকে বিজয়ী ঘোষণা কৰে।

Your Comments