এসপ্তাহজোৰা আমেৰিকা ভ্ৰমণৰ পিছত শনিবাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শনিবাৰে নিশা দিল্লীৰ বিমানবন্দৰত নামি জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনৰ ২৮-২৯ ছেপ্টেম্বৰত ভাৰতীয় কমাণ্ডোৱে পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত কৰা ছার্জিকেল ষ্ট্ৰাইকৰ কথা সুঁৱৰে।প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ছার্জিকেল ষ্ট্ৰাইক কৰি ভাৰতীয় জোৱানসকলে বিশ্বৰ সন্মুখত ভাৰতৰ শৌর্য্যক অধিক শক্তিশালীভাৱে দাঙি ধৰিছিল।মোডীয়ে কয় যে ২৮ ছেপ্টেম্বৰৰ নিশা তেওঁ নিদ্ৰাবিহীনভাৱে কটাইছিল।কেতিয়া টেলিফোন বাজিব,তাৰ অপেক্ষাত সময় পাৰ কৰিছিল।
- Log in to post comments
- 14 views