ইমৰান খানে কাশ্মীৰ প্ৰসংগৰ আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিবলৈ গৈ নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে-ৰাজনাথ সিং

Rajnath Singh

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক উদ্দেশ্য কৰি তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰিলে।সিঙে কয়-'ইমৰান খানে কাশ্মীৰ প্ৰসংগৰ আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিবলৈ গৈ বিভিন্ন স্থানত নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰিবলৈ গৈ কাৰ্টুনিষ্টসকলক কেৱল বিষয়বস্তুৰ যোগান ধৰিছে।'ৰাজনাথ সিঙে মুম্বাইৰ মাজগাওঁ ডকছত ভাৰতৰ দ্বিতীয়খন 'স্ক'ৰপিন ক্লাছ এটেক' চাবমেৰিন নৌসেনাত অন্তৰ্ভুক্ত কৰাৰ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি এইদৰে কয়।

Your Comments