২৯ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱৰণী ফুটবলৰ  ফাইনেল 

baharghat

নৰেন শৰ্মা,বাহাৰঘাট : 

বৰভাগ ইউনাইটেড স্পোৰ্ষ্টচ্ ক্লাৱৰ উদ্যোগত আয়োজিত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুস্থিত হৈ থকা ৩৩ তম বৰ্ষৰ ১৯ তম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ২৯ চেপ্তেম্বৰৰ আবেলি ২-৩০ বজাত অনুস্থিত হব৷গুৱাহাটী ডাইমণ্ড ক্লাৱ আৰু ডি এফ চি ধুহিবালাৰ মাজত অনুস্থিত হ'ব লগা ফাইনেল খেলখন উদ্বোধন কৰিব জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পুলীন লহকৰ আৰু পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক কামেশ্বৰ শৰ্মাই৷খেলত ক্লাৱৰ সভাপতি ভূপেশ দাস,মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,অভিৰুচিৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী,পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,নলবাৰী জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদ্যুৎ ভূঞাকে আদিকৰি কেইবাজনো বিশিষ্ট লোকে অতিথি হিচাবে অংশগ্ৰহণ কৰিব৷

Your Comments