ধৰালৈ নামিল শক্তিৰ প্ৰতীক মা দুৰ্গা : লোকে লোকাৰণ্য হ'ল গোলাঘাট চহৰ

golaghat

গোলাঘাটৰ প্রতিবেদক :

দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে আজি ধৰালৈ নামিল মা দেৱী দূৰ্গা। ঘোঁৰাত আগমন ঘটা মা দুৰ্গাক আঁদৰণি জনাবলৈ গোলাঘাটৰ চহৰত হাজাৰ হাজাৰ লোকৰ  সমাগম হ'য়। দুৰ্গা পূজাৰ আৰম্ভণি ঘটা এই দিনটোৰ পৰাই মানুহৰ আনন্দ উচাহেও এক বিশেষ মাত্ৰ লাভ কৰে।

golaghat বেলুন, খেলনা সামগ্ৰীৰে ভৰি পৰা  সমগ্ৰ চহৰ খনত কন কন ল'ৰা-ছোৱালী বোৰে পুৱাৰে পৰা এক আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰা দেখা যায়। ঠায়ে ঠায়ে গঢ় লৈ উঠা সুস্বাদু জেলেপীৰ সোৱাদ লবলৈ জেলেপীৰ দোকানত মানুহৰ  হেতা- ওপৰা লগাৰ লগতে ইজনে -সিজনক পূজাৰ শুভেচ্ছা প্ৰদান কৰাও দেখা গ'ল।golaghat2

হিন্দী স্কুল ৰ'ড পূজা কমিটিয়ে মহালয়া উপলক্ষে এক বিশাল শোভাযাত্ৰা উলিয়াই দূৰ্গতিনাশিনী মা দুৰ্গাক আঁদৰণি জনোৱাৰ লগতে সম্প্ৰতিৰ বাণীৰে গোলাঘাটত পুৱা এক  আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে।

Your Comments