কমলাবাৰী চাৰিআলিৰ কৃত্ৰিম বান সমস্যা সমাধানৰ উদ্যোগ : ১অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৰ্দমা-পদপথ নিৰ্মাণৰ কাম

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ প্ৰতিবেদন : 


 মাজুলীৰ প্ৰধান বাণিজ্যিক এলেকা কমলাবাৰী চাৰিআলিত বৰষুণৰ আৱদ্ধ পানীয়ে সৃষ্টি কৰা কৃত্ৰিম বান সমস্যা দূৰীকৰণৰ বাবে গড়কাপ্তানী (গ্ৰাম্য পথ) বিভাগে অহা ১ অক্টোবৰৰ পৰা নৰ্দমা তথা পদপথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব।বৃহস্পতিবাৰে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত 'উন্নয়নমূলক কামৰ স্থানীয় তদাৰকী সমিতি' (ডব্লিউ এল এম চি)ৰ এখন সভাত এই সিদ্ধান্ত লোৱা হয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস, চিন্ময় নাথ, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা আৰু কমলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি উৎপল ভেৰুৱা, গড়কাপ্তানী (গ্ৰাম্য পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰাণা শৰ্মা, সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস, সহকাৰী অভিযন্তা মনদ্বীপ দিহিংগীয়া, ডিএফঅ' সুশীল কুমাৰ ঠাকুৰীয়া, এপিডিচিএলৰ উপ-সংমাণ্ডলিক অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা, মাজুলীৰ খণ্ড উন্নয়ন বিষয়া, বিএছএনএলৰ উপ-সংমাণ্ডলিক অভিযন্তা, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষৰ লগতে ডব্লিউ এল এম চিত মাজুলীৰ অৰাজনৈতিক দল-সংগঠনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। বৈঠকত উপস্থিত থকা স্থানীয় নাগৰিক সমাজৰ প্ৰতিনিধিত্বকাৰী সমিতিখনৰ সদস্য সকলৰ ভিতৰত আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, এমএমকে, জিলা সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, জিলা মহিলা সমিতি আদিৰ বিষয়ববীয়া সকল। majuli2

কমলাবাৰী চাৰিআলিত বৰষুণৰ আৱদ্ধ পানীয়ে দীৰ্ঘদিন ধৰি সৃষ্টি কৰি অহা কৃত্ৰিম বানৰ সমস্যা নৰ্দমা তথা পদপথ নিৰ্মাণেৰে সমাধান কৰাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত গড়কাপ্তানী বিভাগে লোৱা প্ৰায় ২ কোটিটকীয়া আঁচনিৰ কাৰ্যৰূপায়ণ অধিক বিলম্ব নকৰাকৈ শীঘ্ৰেই আৰম্ভ কৰাৰ প্ৰতি বৈঠকত নাগৰিক সমাজৰ প্ৰতিনিধিসকলে সৰ্বসন্মতিৰে সমৰ্থন জনায়। উল্লেখ্য, এই নৰ্দমা তথা পদপথ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় একাংশ ৰাইজে ইতিপূৰ্বে কিছু অসন্মতি প্ৰকাশ কৰাৰ সূত্ৰে এই আঁচনি ৰূপায়ণত আগবাঢ়িবলৈ অসুবিধাত পৰিছিল গড়কাপ্তানী বিভাগ। কিন্তু কমলাবাৰী চাৰিআলিত অদূৰ ভৱিষ্যতে হ'ব পৰা নগৰ-সম্পসাৰণৰ প্ৰতি লক্ষ্য ৰাখি আৰু নগৰখনৰ পৰিষ্কাৰ-পৰিচ্চন্নতা বৰ্তাই ৰখাৰ স্বাৰ্থত মাজুলীৰ উপায়ুক্ত মিশ্ৰৰ হস্তক্ষেপত আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ সহযোগিতাত এই জটিলতাৰ আজি ওৰ পৰে। এই ক্ষেত্ৰত জটিলতা আঁতৰাই সমাধান সূত্ৰ উলিওৱাৰ বাবে উপায়ুক্ত গৰাকীৰ উদ্যোগত বিগত দুটা মাহত উপায়ুক্ত কাৰ্যালয়ত বিভাগসমূহৰ লগতে নাগৰিক সমাজৰ সৈতে পৃঠকে কেইবাখনো বৈঠকতো মিলিত হৈছিল জিলা প্ৰশাসন।

Your Comments