ছুপাৰী ব্যৱসায়ী আব্দুল হান্নানৰ ঘৰত ৰাজহ চোৰাংচোৱা বিভাগৰ অভিযান : কৰ্মচাৰীক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

golaghat

গোলাঘাট :

গোলাঘাটৰ ছুপাৰী ব্যৱসায়ী আব্দুল হান্নানৰ ঘৰত নাগপুৰস্থিত ৰাজহ চোৰাংচোৱা বিভাগৰ এটি তিনিজনীয়া দলে বৃহস্পতিবাৰে তদন্তৰ বাবে উপস্থিত হয়। উক্ত তদন্ত কালতে সৃষ্টি হ'য় এক উত্তেজনাময় পৰিস্থিতিৰ।তদন্তকাৰী দলৰ বিষয়া ৰাকেশ কুমাৰে তদন্তৰ নামত কৰ্মৰত কৰ্মচাৰীক শাৰীৰিকভাবে প্ৰহাৰ কৰা বুলি অভিযোগ অনাৰ পিছতেই সৃষ্টি হয় এই পৰিস্থিতিৰ।ৰাইজে বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে তদন্তকাৰী দলটোক।অৱশেষত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে সমগ্ৰ  পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।golaghat
উল্লেখ্য যে ছুপাৰী ব্যৱসায়ী আব্দুল হান্নানৰ গোলাঘাটৰ আধাৰসত্ৰৰ বাসগৃহত নাগপুৰস্থিত ৰাজহ চোৰাংচোৱা বিভাগৰ এটি তিনিজনীয়া দলে তদন্ত কৰিবলৈ উপস্থিত হয় দুপৰীয়াৰ ভাগত।তদন্তকাৰী দলৰ ৰাকেশ কুমাৰ নামৰ বিষয়া জনে কৰ্মৰত এজন কৰ্মচাৰীক তদন্ত কৰিবলৈ গৈ শাৰীৰিক প্ৰহাৰ কৰাৰ অভিযোগ কৰে কৰ্মচাৰীজনে।ইয়াৰ পাছতে স্থানীয় ৰাইজে আৱদ্ধ কৰে তদন্তকাৰী দলটোক।অৱশেষত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ নেতৃত্বত আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।তদন্তকাৰী দলৰ তিনিজনকে আৰক্ষীয়ে ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি লৈ যায়।ইপিনে তদন্তকাৰী দলৰ বিৰুদ্ধে দুখন পৃথক পৃথক এজাহাৰ দাখিল কৰিছে ৰাইজে।ছুপাৰী ব্যৱসায়ী আব্দুল হান্নানক এক কোটি দাবী কৰা বুলি ৰাজহ চোৰাংচোৱা বিভাগৰ এজনৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ।কৰ্মৰত কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰাক লৈ অন্য এখন এজাহাৰ গোলাঘাট আৰক্ষীক দাখিল কৰিছে ভুক্তভোগী কৰ্মচাৰী জনে।

Your Comments