মৰিগাঁৱত চাইকেই চলাই  পোষণ অভিযানৰ প্ৰচাৰ চলালে উপায়ুক্ত ঋতুৰাজ বৰাই

marigaon

মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :

পোষণ অভিযান মাহ উপলক্ষে বৃহস্পতিবাৰে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই চাইকেল চলাই পোষণ অভিযানৰ ব্যাপক প্ৰচাৰ চলাই ৷ মৰিগাঁও জিলাৰ কপিলী সংহত শিশু উন্নয়ন কাৰ্যালয়ৰ পৰা বাৰপূজীয়া , বৰভগীয়া হৈ চৰাইবাহী গাওঁ পঞ্চায়তলৈ প্ৰায় সাত কিলোমিটাৰ পথ চাইকেলেৰে ঘূৰি এই অভিযানৰ প্ৰচাৰ চলাই উপায়ুক্ত গৰাকীয়ে ৷ প্ৰচাৰ অভিযানত  কপিলী সংহত উন্নয়ন প্ৰকল্পৰ সকলো বিষয় কৰ্মচাৰীৰ  লগতে  মৰিগাঁৱৰ সমাজ কল্যাণ বিষয়া দেবজিত বৰা, মিকিৰভেটাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম,লাহৰিঘাট শিশু  সংহতৰ প্ৰকল্প বিষয়া বিদ্যুৎ হাজৰিকা, কপিলী খণ্ড উন্নয়ন বিষয়া মণ্টুমণি বৰা, কপিলী সংহত শিশু উন্নয়ন বিষয়া মনিকা বৰঠাকুৰ , মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক  দেৱজিত পাতৰৰ লগতে  অঞ্চলটোৰ  অংগনাবাদী কৰ্মী,সহায়িকা, ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন  শ্ৰেণীৰ লোকে পোষণ অভিযানৰ চাইকেল শোভাযাত্ৰাত অংশ লয়।

 ইফালে ভূৰবন্ধাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পাটিদৈয়া গাঁৱত এক স্বাস্থ্য মেলা আৰু সাংস্কৃতিক শোভাযাত্ৰা,বাটৰ নাট,জনগোষ্ঠীয় লোক নৃত্য গীত  ,স্বাস্থ্য পৰীক্ষা, হাতধোৱা পদ্ধতি প্ৰদৰ্শনৰে  মুকলি সভা অনুষ্ঠিত কৰে।এই সভাত কেন্দ্ৰীয় চৰকাৰৰ শিশু উন্নয়ন মন্ত্ৰালয়ৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহন কৰি পুষ্টিহীনতা দূৰ কৰাৰ বাবে কেতবোৰ, পৰামৰ্শ আগবঢ়ায়।

Your Comments