জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :
জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰৰ পথৰ দুয়োকাষে বিজ্ঞান সন্মতভাৱে নিৰ্মান কৰা হ'ব পকী নলা সমুহ ৷ ব্যৱসায়ীক কেন্দ্ৰটোৰ দুয়োকাষৰ এই নলাসমুহ নিৰ্মানৰ বাৱে চৰকাৰে ইতিমধ্যে ৩২ কোটি টকা অনুমোদন দিছে ৷ ইয়াৰোপৰি চতিয়া ব্যৱসায়ীক কেন্দ্ৰটোৰ পথৰ দাতিঁত নলা নিৰ্মানৰ বাবেও ২৮ কোটি টকা অনুমোদন দিছে ৷ এই মন্তৱ্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ বৃহস্পতিবাৰে জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰত শীত-তাপ নিয়ন্ত্ৰিত “হেয়াৰ ষ্টুডিঅ” নামৰ এখন জেনছ্ বিউটি পাৰ্লাৰৰ শুভ উদ্ধোধন কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়-আজিৰ নতুনচাম যুৱকৰ সিংহভাগে আধুনিকতাক বেছি গুৰুত্ব দিয়ে ৷ বিজ্ঞান সন্মত সা-সামগ্ৰীৰে ভৰা এই জেনছ্ বিউটি পাৰ্লাৰৰ প্ৰতি নতুনচাম যুৱক আকৰ্ষিত হোৱাৰ লগতে উপকৃত হ'ব বুলিও তেওঁ মন্তৱ্য কৰে। যুৱ সমাজ কৰ্মী অভিজিৎ ভট্ৰাচাৰ্যৰ তত্ত্বাবধানত জামুগুৰি মাৰ্কেটিং চচাইটি লিমিটেডৰ ব্যৱসায়ীক গৃহত স্থাপন কৰা শীত-তাপ নিয়ন্ত্ৰিত “হেয়াৰ ষ্টুডিঅ” নামৰ জেনছ বিউটি পাৰ্লাৰ খনৰ শুভ উদ্ধোধনী অনুষ্ঠানটোত উপস্থিত থাকে নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি দিনেশ দাস, উত্তৰ ছিলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বৰাকে ধৰি বহু লোক।
- Log in to post comments
- 19 views