গোলাঘাটৰ প্ৰতিবেদক
বুধবাৰে নিশা গোলাঘাটৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত এখন আবকাৰী চোৰাংচোৱা বিভাগৰ টাটা ছুম' এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।দুৰ্ঘটনাত পতিত হোৱা গাড়ীখন দাও দাওকৈ জ্বলি উঠাত গাড়ীখনৰ ভিতৰতে দুজনকৈ লোকৰ মৃত্যু হয় আৰু আন এজনৰ যোৰহাট মেডিকেল কলেজত মৃত্যু হয়। ঘটনাৰ সবিশেষ জানিব পৰা মতে, আবকাৰী আয়ুক্তৰ নিৰ্দেশ মতে উক্ত দলটো যোৰহাট হৈ গোলাঘাটলৈ আহিছিল।যদিও উভতি যোৱাৰ পথত গোলাঘাটৰ মৰঙী অঞ্চলৰ সাৰৰ গাঁৱত এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হ'য়। সংঘৰ্ষৰ পিছতেই গাড়ীখন দপ দপকৈ জ্বলি উঠাত গাড়ীখনৰ ভিতৰতে অগ্নিদগ্ধ হৈ আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবংচা আৰু বিষয়া ৰমেন বনজাঙৰ থিতাতে মৃত্যু হয়। আনহাতে,যোৰহাটলৈ প্ৰেৰণ কৰা হৰেকৃষ্ণ বৰ্মনে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। ইফালে সংকটজনক অৱস্থাত জেএমছিএইছত চিকিৎসাধীন হৈ আছে ভানু ইনজাল আৰু উন্নত চিকিৎসাৰ বাবে জাহিদুল হক আৰু ছুম' চালক কে ৰাহুল সিঙক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে একাংশৰ অভিযোগ অনুসৰি ,অবৈধভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা এই দলটো সুৰা মাফিয়াৰ পৰিকল্পিত হত্যাকাণ্ডৰ বলি হৈছে। যিহেতু দলটোৱে যোৰহাটৰ পৰা গোলাঘাটলৈ আহি গোলাঘাটৰ আবকাৰী বিভাগৰ লগত কথা পাতি এই গোপন অভিযানৰ কথা কৈ এটা আবকাৰী দল বিচাৰিছিল যদিও পিছত কোনো দল নোলোৱাকৈয়ে উক্ত দলটো গুৱাহাটীলৈ ৰাওনা হৈছিল। ইফালে,দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰৰ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰিছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আঘাতপ্ৰাপ্ত তিনিজনৰ আশুআৰোগ্য কামনা কৰিছে।মুখ্যমন্ত্ৰীয়ে অনতিপলমে উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে।
- Log in to post comments
- 19 views