বঙাইগাঁওঃ
বঙাইগাঁও চহৰৰ ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বুধবাৰে বঙাইগাঁও জিলা ভিত্তিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয় ৷ শিশু বিজ্ঞান সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত সমাৰোহখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱীয়ে ৷ সমাৰোহত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ ৰাজ্যিক সংগঠক তথা পূৱ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ কুমাৰ গোস্বামী ৷ উল্লেখ্য যে 'এখন পৰিচ্ছন্ন সেইজ আৰু সুস্থ দেশৰ বাবে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন' শীৰ্ষক বিষয়ৰ ওপৰত এইবাৰৰ শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছে ৷ এই শিশু বিজ্ঞান সমাৰোহত শৈক্ষিক সমন্বয়ক চক্ৰধৰ দাস, সমন্বয়ক দিলীপ কুমাৰ শৰ্মাকে ধৰি কে'বাজনো স্থানীয় পৰ্যৱেক্ষকে অংশ লয় ৷ এই বিজ্ঞান সমাৰোহত বঙাইগাঁও জিলাৰ মুঠ ৩০ খন বিদ্যালয়ৰ পৰা ৩০ টা প্ৰকল্প উপস্থাপন কৰা হয় ৷ এই প্ৰকল্প সমূহৰ পৰা তিনিটা প্ৰকল্প ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ প্ৰেৰণৰ বাবে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে শিশু বিজ্ঞান সমাৰোহত অংশ লোৱা বিদ্যালয় সমূহৰ গাইড আৰু শিশু বিজ্ঞানী সকলোলৈ সমাৰোহ উদযাপন সমিতিয়ে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷
- Log in to post comments
- 8 views