বঙাইগাঁৱত 'ৰাইজৰ চ'ৰা'ৰ দ্বিতীয়খন বৈঠক সম্পন্ন 

bgn

বঙাইগাঁও :

বঙাইগাঁও জিলা প্ৰশাসনে ৰাইজৰ বিভিন্ন আপত্তি- অভিযোগসমূহ তৎকালীনভাৱে সমাধা কৰাৰ বাবে আৰম্ভ কৰা 'ৰাইজৰ চ'ৰা'ৰ দ্বিতীয়খন বৈঠক বুধবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । উল্লেখযোগ্য যে অসম চৰকাৰৰ সুশাসন ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ আপত্তি ,অভাৱ- অভিযোগ সমূহ নিষ্পত্তিৰ বাবে প্ৰত্যেক মাহৰ ২য় আৰু ৪ৰ্থ মঙলবাৰৰ দিন দুটাত 'ৰাইজৰ চ'ৰা' অনুষ্ঠিত কৰি নিষ্পত্তিৰ ব্যবস্থা গ্ৰহণ কৰিছিল । সেইমতে মঙলবাৰে অনুষ্ঠিত কৰিব লাগিছিল যদিও অনিবাৰ্য কাৰণত অনুষ্ঠিত কৰিব নোৱাৰি বুধবাৰে অনুষ্ঠিত কৰা হয় । এই ৰাইজৰ চ'ৰাৰ নিয়মানুসৰি পুৱা  ৯.৩০ বজাৰ পৰা  ১০.৩০ বজালৈ অভাব -অভিযোগ কোষটোৱে মুঠ ২৯ খন অভিযোগ পত্র পঞ্জীয়নভুক্ত কৰি ১০.৩০ বজাৰ পৰা কাৰ্যালয়টোৰ সভা কক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা 'ৰাইজৰ চ'ৰা'ত উপস্থাপন কৰি এজন এজনকৈ অভিযোগকাৰীক মাতি অভিযোগ পত্রত উল্লেখ কৰা বিষয় সন্দৰ্ভত মৌখিক ভাষ্য গ্ৰহণ কৰি আংশিক থিতাতে নিষ্পত্তি কৰে । ৰাইজৰ চ'ৰাত অধিকাংশ অভিযোগকাৰীৰ অভিযোগ পত্র মাটিৰ নামজাৰি , সীমা নিৰ্দ্ধাৰণ , গড়কাপ্তানী ( পথ) বিভাগৰ বাট-পথ  , বঙাইগ‍াঁও পৌৰ সভাৰ অন্তৰ্গত পথ মেৰামতি , শিক্ষা বিভাগৰ মধ্যাহ্ন ভজনৰ চাউল বিতৰণৰ  লগতে জিলাখনত তীব্ৰ হাৰত বৃদ্ধি পোৱা মাদক দ্ৰব্য সেৱন আৰু বিক্ৰী ৰোধ কৰা , পাহাৰৰ গছ-গছনি কাটি তহিলং কৰাকে ধৰি চৰকাৰী আচঁনিৰ অধীনত হিতাধিকাৰী সকলৰ ঘৰ বনোৱা আদি বিষয়সমূহৰ ওপৰত আছিল। উল্লেখ্য যে এই বৈঠকত সভাপতি তথা জিলা উপায়ুক্ত আদিল খানে কয় যে অভিযোগকাৰী সকলে নিজৰ সদিচ্ছাৰে জিলা উপায়ুক্তৰ ওচৰলৈ আহি নিজৰ অভিযোগখিনি লিখিত আৰু মৌখিক ভাবে অবগত কৰিব পৰাৰ বাবে এই ব্যবস্থা প্ৰৱৰ্তন কৰা হৈছে ৷ কোনো মধ্যস্থতাকাৰী বা প্ৰতিনিধিত্ব কৰা ব্যক্তিৰ জৰিয়তে নহয় । এই বৈঠকত যোৱা  ১০ ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা ৰাইজৰ চ'ৰাৰ বৈঠকত যিবোৰ অভিযোগ নিষ্পত্তি কৰিব পৰা হোৱা নাছিল সেইবোৰ পৰ্যালোচনা কৰি তাৰে কিছু সংখ্যক নিষ্পত্তি কৰাৰ বাবে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি উপায়ুক্ত গৰাকীৰ এই প্ৰচেষ্টাক শলাগ লয় । লগতে এই বাৰৰ বৈঠকত পঞ্জীয়ন কৰা বেছিভাগ অভিযোগকাৰীকো আগলৈ সন্তুষ্টি প্ৰদান কৰিব পৰাকৈ অভিযোগ পত্রসমূহ তৎকালীনভাৱে নিষ্পত্তিৰ বাবে  সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া সকললৈ পঠাই দি তেওঁলোকক জবাবদিহি কৰি ক্ষেত্র পৰিদৰ্শনেৰে নিষ্পতি কৰাৰ বাবে কঠোৰ নিদ্দেৰ্শ দিয়ে । উল্লেখ্য যে এই সুন্দৰ প্ৰচেষ্টাৰৰ দ্বাৰা আগলৈ বঙাইগাঁওবাসী ৰাইজ উপকৃত হ'ব বুলি বিভিন্নজনে মতপোষণ কৰিছে । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস , অনুপম ডেকা , অৰূপ কুমাৰ শৰ্মা , অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি মেঘনিধি দাহাল , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , ৰাজহ চক্ৰ বিষয়া সকলৰ লগতে জিলাখনৰ অন্যান্য বিভাগৰ মুৰব্বী বিষয়াসকল আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।

Your Comments