নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত আছে। নগাঁও আৰক্ষী- প্ৰশাসনে চিলনী চোৰক নাকী লগাব নোৱাৰি এইবাৰ সহায় বিচাৰিছে ৰাইজৰ। ইয়াৰ মাজতে নগাঁৱৰ দুগৰাকী যুৱতীয়ে দেখুৱালে সাহসিকতাৰ পৰিচয়। স্কুটীৰে তিনি কিল'মিটাৰ পথ খেদি গৈ আগচি ধৰিলে চিলনী চোৰক। ঘটনাটো সংঘটিত হৈছে যোৱা ২৩ ছেপ্টেম্বৰৰ সন্ধিয়া । সময় ৬-১৫ মিনিট। নগাঁও উজ্জীৱন বেংকৰ কৰ্মচাৰী ৰীণা দাস আৰু তেওঁৰ বান্ধৱী গুৰমিত কৌৰৰ সৈতে কৰ্মস্থলী বেংকৰ পৰা গৈছিল মধুপুৰলৈ। মধুপুৰ পোৱাৰ পিছতে চিলনী চোৰৰ চকু পৰে তেওঁলোকৰ ওপৰত। এ এছ ১২ কে ৯৮৬৮ নম্বৰৰ এখন স্কুটীত অহা দুই চিলনী চুৰে স্কুটিখনত বহি যোৱা গুৰমিত কৰৰ হাতৰ পৰা থপিয়াই নিয়ে দুটাকৈ ম'বাইল হেণ্ডছেট। লগে লগে ৰীণা দাস শইকীয়াই সাহসিকতাৰে পিছে পিছে খেদি যায় চিলনী চোৰ কেইটাক। প্ৰায় তিনি কিল'মিটাৰ পথ খেদি গৈ দুই চিলনী চোৰক আমতলা নামৰ অঞ্চলটোত আগচি ধৰে । কিন্তু সুযোগ বুজি পলায়ন কৰে দুই চিলনী চোৰে । লগে লগে যুৱতী দুগৰাকীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে নগাঁও টাউন আৰক্ষীক। স্কুটীখনকে ক্লু হিচাপে লৈ নগাঁও আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
বুধবাৰে নগাঁও নগৰ আৰক্ষীয়ে অভিযান চলাই শিয়ালমাৰী আৰু মধুপুৰৰ পৰা ক্ৰমে জিয়াৰুল হক আৰু শ্বাহিল হুছেইন নামৰ দুই চিলনী চোৰক কৰায়ত্ত কৰে। লগতে আৰক্ষীয়ে জব্দ কৰে এই দুই চিলনী চুৰে থপিয়াই নিয়া দুটাকৈ ম'বাইল হেণ্ডচেট, চাৰিখন ছিম কাৰ্ড আৰু নগদ দুহেজাৰ টকা। ইয়াৰ পিছতেই নগাঁও সদৰ আৰক্ষী থানাত উপ আৰক্ষী অধীক্ষক মানস শইকীয়াই ৰীণা দাসৰ সাহসিকতাৰ শলাগ লৈ ফুলাম গামোছাৰে আদৰণি জনায় । উল্লেখ্য যে, বিগত দিনসমূহত চিলনী চোৰে নাক উলিয়াব নোৱাৰা কৰিছিল নগাঁও আৰক্ষীৰ। যাৰ বাবে উপায়ন্তৰ হৈ নগাঁও আৰক্ষীয়ে ৰাইজলৈ মুকলি আহ্বান জনাইছিল চিলনী চোৰৰ পৰা সাৱধান হোৱাৰ বাবে আনকি আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰো মুকলি কৰি দিছিল ৰাইজৰ বাবে।পৰিতাপৰ বিষয় যে বৰ্হিৰাজ্যৰ পৰা অহা ইৰাণী গ্ৰুপে নগাঁৱত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পিছতো নগাঁও আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিব পৰা নাই এটাকো । কিন্তু ইয়াৰ মাজতে ৰীণা দাসৰ এই পদক্ষেপে বহু লোকক চিলনী চোৰৰ বিৰুদ্ধে এঘড়ী যুজঁ দিবলৈ প্ৰেৰণা যোগাব ।
- Log in to post comments
- 52 views