নৰেন শৰ্মা,বাহাৰঘাট :
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কামৰূপ আৰু নলবাৰী জিলাৰ সমন্বয়স্থলী বৰগাছা শ্ৰীশ্ৰী দুৰ্গা পূজা মণ্ডপ প্ৰাংগনত অহা চাৰিৰ পৰা আঠ অক্টোবৰলৈ বিংশতিতম সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন কৰিছে৷ সেই উপলক্ষে চাৰি অক্টোবৰৰ পুৱা ধ্বজা উত্তোলন,১৯ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১৯ খন পতাকা উত্তোলন,স্মৃতি তৰ্পণ,বৃক্ষৰোপন,আবেলি বিল্ব বোধনৰ বাবে শোভাযাত্ৰা,সন্ধিয়া বিল্ববোধন,আমন্ত্ৰণ,অধিবাস,বন্তি প্ৰজ্বালন,নিশা টোপধ্বনি,অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা৷পাচ অক্টোবৰৰ পূৱা নৱপত্ৰিকা প্ৰবেশ,মহা সপ্তমীপূজা আৰম্ভ,আয়তীৰ নাম,চণ্ডীপাঠ,আবেলি ওজাপালি,নিশা আৰতিৰ পিচতে মুগকুছি মিলন নাট্যগোষ্ঠীৰ নাট প্ৰদৰ্শন৷ছয় অক্টোবৰ পূৱা দেৱীৰ মহাষ্টমী পূজাৰম্ভ,আয়তী নাম,চণ্ডীপাঠ,দিনৰ ১-৫৮ৰ পৰা ২-৪৫ লৈ সন্ধি পূজা,আবেলি ওজাপালি,নিশা আৰতিৰ পিছতে উৰ্মিলা দাস আৰু মানসী ডেকাৰ নাগাৰা নাম প্ৰদৰ্শন৷সাত অক্টোবৰ পূৱা মহানৱমী পূজা আৰম্ভ,আয়তী নাম,চণ্ডীপাঠ,দুপৰীয়া কুমাৰী পূজা,পূৰ্নাহুতি,মহাশান্তি,ৰাজহুৱা ভোগ বিতৰণ,আবেলি ওজাপালি,নিশা আৰতিৰ পিচতে আমন্ত্ৰিত অতিথিৰ সম্বৰ্দ্ধনা আৰু সোনেশ্বৰী তালুকদাৰ আৰু নন্দিৰাম তালুকদাৰ সোৱৰণী সাংস্কৃতিক সন্ধিয়া,সাংস্কৃতিক সন্ধিয়াত কেইবাজনো আমন্ত্ৰিত শিল্পীয়ে অংশগ্ৰহণ কৰিব৷আঠ অক্টোবৰ পূৱা দশমী বিহীত পূজা,অপৰাজিতা পূজা,বলয় ধাৰণ।আবেলি প্ৰতিমা বিসৰ্জন,সন্ধিয়া প্ৰীতি সন্মিলন৷আনহাতে ১৩ অক্টোবৰ নিশা শ্ৰীশ্ৰী লক্ষ্মী পূজা অনুস্থিত কৰিব৷ইতিমধ্যে পূজা পৰিচালনা কৰাৰ বাবে অঞ্চলটোৰ বহুকেইজন ইছলাম ধৰ্মালম্বী লোকক অন্তৰ্ভুক্ত কৰি এখন সমিতি গঠন কৰিছে৷সমাজকৰ্মী কুশল কুমাৰ তালুকদাৰক সভাপতি ৰজনী চন্দ্ৰ লহকৰক কাৰ্য্যকৰী সভাপতি,শচীন্দ্ৰ হুজুৰী,অৰবিন্দ ডেকা আৰু মঃগনি আলীক উপসভাপতি,ৰবীন চন্দ্ৰ তালুকদাৰক মুখ্য সম্পাদক,হৰেন তালুকদাৰ,শুক্লেশ্বৰ তালুকদাৰ,ৰাজু তালুকদাৰ,গিৰীন তালুকদাৰ আৰু মঃৰুবুল চৌধুৰীক সাধাৰণ সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰিছে৷উল্লেখযোগ্য যে সমন্বয়স্থলী হিচাবে চিহ্নিত বৰগাছা আৰু গৰমচুংৰ হিন্দু মুছলমান ৰাইজে অলপতে উক্ত স্থানত ঈদ সন্মিলন অনুস্থিত কৰি সমন্বয়ৰ নিদৰ্শন দেখুৱাইছিল৷
- Log in to post comments
- 42 views