হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
যোৱা ৬ ছেপ্টেম্বৰত হোজাই থানাৰ অন্তৰ্গত কঁঠালপুৰ অঞ্চলত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।।অঞ্চলটোৰ শিৱ মন্দিৰৰ সমিতি গঠনক লৈ সুত্ৰপাত ঘটা এক কাজিয়াৰ গইনা লৈ লাঠিৰে মৰিয়াই জগদীশ বিশ্বাস নামৰ লোকজনক অতি নৃশংস ভাবে হত্যা কৰা হৈছিল।পৰৱৰ্তী সময়ত ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে ৮ জনক অভিযুক্ত কৰি এখন এজাহাৰ দাখিল কৰে ।সেইমতে হোজাই আৰক্ষীয়ে 673/19 নম্বৰত এক গোচৰ ৰুজু কৰি অভিযান চলাই মঙ্গলবাৰে সজল বিশ্বাস আৰু অৰবিন্দ বিশ্বাসক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে যদিও ঘটনাৰ লগত জড়িত বাকী আন ছয় অভিযুক্ত এতিয়াও পলাতক হৈ আছে।উল্লেখযোগ্য যে মৃত জগদীশ বিশ্বাস আৰু ধৃত দুই হত্যাকাৰীৰ পৰিয়াল সম্পৰ্কত সম্পৰ্কীয় খুড়া ভতিজা বুলি হত্যাকাৰীয়ে মন্তব্য প্ৰদান কৰে।
- Log in to post comments
- 34 views