মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ প্রতিবেদন :
"কৰ্মই ধৰ্ম" যেন তাকেই প্ৰমাণ কৰি তুলিছে মাজুলী ফুলনিৰ এজন উচ্চ শিক্ষিত যুৱকে। নাম তেওঁৰ অচ্যুৎ শইকীয়া। যথেষ্ঠ কষ্ট, ত্যাগ আৰু একানপটীয়া চেষ্টাৰে এক কৰ্ম সংস্কৃতি গঢ়ি তুলি নিজৰ পৰিয়ালৰ লগতে আন পাঁচটা পৰিয়ালৰ বাবেও হৈ পৰিছে নিয়োগৰ উৎস । মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফুলনি গাঁৱৰ নিবাসী প্ৰয়াত টুপীধৰ শইকীয়াৰ দ্বিতীয় পুত্ৰ অচ্যুত শইকীয়া । এইগৰাকী উদ্যোগী যুৱকে ২০০০ চনত বুৰঞ্জী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আন দহগৰাকী যুৱকৰ দৰে চৰকাৰী চাকৰিৰ সপোন খেদি ফুৰিছিল। সেইসময়তে মধ্য মাজুলীৰ ফুলনি হাইস্কুলত উচ্চতৰ মাধ্যমিক শাখা খোলাৰ যো-যা চলি আছিল আৰু তাত নিজেই আগ ভাগ লৈ কামখিনি সম্পূৰ্ণ কৰি উক্ত বিদ্যালয়তে শিক্ষক হিচাপেও যোগদান কৰি ছাত্ৰ ছাত্ৰীক পঢ়িওৱাত আত্মনিয়োগ কৰিছিল। সময় বাগৰাৰ পিছতো বিদ্যালয়খনত চৰকাৰী সু-দৃষ্টি নপৰাত পেটৰ তাড়নাৰ লগতে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই শিক্ষকতাৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ'ল অচ্যুত শইকীয়া।তাৰ পিছতেই চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি অচ্যুতে নিজে উদ্যোগী হোৱাৰ এক পৰিকল্পনা গ্ৰহণ কৰে আৰু প্ৰথমে এখন ট্ৰেক্টৰেৰে আৰম্ভ কৰে নিজাববীয়া ব্যৱসায় । ইয়াৰ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১১ চনৰ ১১ নৱেম্বৰত ফুলনি চাৰিআলিত অচ্যুত মটৰ্চ নামৰ এক প্ৰতিষ্ঠান মুকলি কৰে । এই অচ্যুত মটৰ্চত মটৰচাইকেল মেৰামতি কৰাৰ লগতে ৰাখিবলৈ লয় ট্ৰেক্টৰৰ সামগ্ৰীয়ো। বৰ্তমান সফলতাৰে নটা বছৰত ভৰি দিয়া এই প্ৰতিষ্ঠান মাজুলী জিলাখনৰ ভিতৰতে এক উন্নত তথা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে ।প্ৰতিষ্ঠান খনৰ প্ৰতি সকলো গ্ৰাহকৰ মূলতে হৈছে প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰ অচ্যুতৰ মানুহৰ প্ৰতি কৰা সৎ আচৰণ আৰু মানৱ দৰদী ব্যৱহাৰ। "আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়" এই আপ্ত বাক্যশাৰীৰ সাৰ্থকতা যেন বাৰুকৈয়ে উপলব্ধি কৰে অচ্যুৎ শইকীয়াৰ প্ৰতিষ্ঠানলৈ যোৱা বা তেওঁক ওচৰৰ পৰা পোৱা মানুহ সকলে। উল্লেখ্য যে যি সময়ত ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱকে বহিঃৰাজ্যলৈ গৈ বিভিন্ন বহুজাতিক কোম্পানীত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে তেনে সময়তে উদ্যোগবিহীন,বান বিধ্বস্ত মাজুলীত দোকানকে উদ্যোগ হিচাপে লৈ এক আদৰ্শ গঢ়ি তুলিছে অচ্যুৎ শইকীয়াই। স্বাধীনচিতীয়াভাৱে কাম কৰি শইকীয়াই নিজৰ আৰ্থ সামাজিক অৱস্থা মজবুত কৰাই নহয় তেওঁৰ প্ৰতিষ্ঠানত পাঁচগৰাকীকৈ কৰ্মচাৰীক সংস্হাপন দি তেওঁলোকৰ পৰিয়ালৰ লোককো জীয়াই থকাৰ প্ৰেৰণা দিছে এইগৰাকী উচ্চ শিক্ষিত যুৱকে । অচ্যুতৰ এই উদ্যোগী চিন্তাৰে যদি প্ৰতিজন অসমীয়া শিক্ষিত যুৱকে চিন্তা কৰে তেন্তে বহিঃৰাজ্যলৈ হয়তো কাম বিচাৰি ঢাপলি মেলিবলগীয়া নহ'ব অসমৰ যুৱকৰ।ইয়াৰ বিপৰীতে অসমলৈ বহি:ৰাজ্যৰ পৰা আহি বিভিন্ন টাউন বজাৰ, নগৰ-চহৰ তথা ব্যৱসায়িক কেন্দ্ৰ দখল কৰি থকা সকলৰো ভাত মৰি প্ৰকৃত "অসমীয়াগিৰি" প্ৰতিষ্ঠা হ'ব।
- Log in to post comments
- 28 views