মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মাহেকীয়া মাচুল সময়মতে আদায় দিব নোৱাৰাৰ অভিযোগত মৰিগাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ে এগৰাকী ছাত্ৰীক পৰীক্ষাত বহিবলৈ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উক্ত ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকে বুধবাৰে জিলা উপায়ুক্ত আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক পৃথকে পৃথকে অভিযোগ দাখিল কৰিছে। মাহেকীয়া মাচুল আদায় দিব নোৱাৰাৰ অভিযোগত ছাত্ৰীক পৰীক্ষাৰ পৰা বঞ্চিত কৰোৱা ব্যক্তিগত বিদ্যালয়খন হৈছে মৰিগাঁৱৰ বঘৰা শিলসাঁকোত স্থাপিত 'সংস্কৃতি বিদ্যাপীঠ'। পৰীক্ষাৰ পৰা বঞ্চিত হোৱা পঞ্চম শ্ৰেণী ছাত্ৰীগৰাকীৰ অভিভাৱক ৰিমৰিজ ডেকাই অভিযোগ কৰা অনুসৰি সংস্কৃতি বিদ্যাপীঠৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত তেওঁৰ কন্যাৰ মাহেকীয়া মাচুলসমূহ সময়মতে আদায় দিব নোৱাৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবলৈ সময় বিচাৰিছিল। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ কথাত কৰ্ণপাত নকৰি যোৱা ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰি পুৱা ৮ বজাৰ পৰা ১ বজালৈ এটা কোঠাত আৱদ্ধ কৰি ৰাখি অন্যান্য ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ অন্তত ঘৰলৈ পঠাই দিয়ে।বিদ্যালয় কৰ্তৃপক্ষই কণমানি ছাত্ৰীগৰাকীৰ ওপৰত চলোৱা এনে মানসিক নিৰ্যাতনৰ প্ৰতিবাদ জনাই নিৰ্যাতিত ছাত্ৰীগৰাকীৰ অভিভাৱক ৰিমৰিজ ডেকাই বুধবাৰে মৰিগাঁও জিলা উপায়ুক্ত আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক পৃথকে পৃথকে একোখনকৈ অভিযোগপত্ৰ দাখিল কৰি সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ তদন্ত দাবী জনাই।
আনহাতে,উক্ত ঘটনা সন্দৰ্ভত সংস্কৃতি বিদ্যাপীঠৰ অধ্যক্ষ অমলেশ মেধীৰ পৰা জানিবলৈ বিচৰাত তেওঁ কয় - 'ছাত্ৰীগৰাকীক পৰীক্ষাত বহিবলৈ প্ৰৱেশপত্ৰ নিদিয়াতো সঁচা।অকল এগৰাকী ছাত্ৰীৰ ক্ষেত্রতেই নহয়, যিসকল ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া মাচুল এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈকে অনাদায় হৈ আছে,তেওঁলোকৰ অভিভাৱকলৈ জাননী প্ৰেৰণ কৰাৰ লগতে টেলিফোনতো অৱগত কৰা হৈছে। আমাৰ জাননী লাভ কৰি যিসকল অভিভাৱকে আমাৰ লগত যোগাযোগ বা মাহেকীয়া মাচুল অনাদায়ৰ ক্ষেত্রত আবেদন জনাইছে,তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হৈছে।যিসকলে যোগাযোগ কৰা নাই বা আমাক আবেদন জনোৱা নাই, তেওঁলোকৰ বাবে অহা অক্টোবৰত অতিৰিক্তভাৱে আন এটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব।'উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাহেকীয়া মাচুল অনাদায় হৈ থাকিলেও পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি চৰকাৰী এক নিৰ্দেশনা জাৰি হোৱা বুলি চৰ্চা চলি থকাৰ সময়তে মৰিগাঁৱৰ সংস্কৃতি বিদ্যাপীঠৰ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 53 views