বঙাইগাঁওঃ
এন আৰ চিৰ চূড়ান্ত তালিকাত অসমৰ হিন্দু বাঙালী আৰু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত মঙলবাৰে সদৌ অসম বাঙালী যুৱ- ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও জিলা সমিতিয়ে এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে অসমত বসবাসকাৰী হিন্দু বাঙালী আৰু খিলঞ্জীয়াৰ নাম বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰা, ডিটেনচন কেম্পত থকা সকলো বৈধ ভাৰতীয়ক বিনাচৰ্তে মুক্তি দিয়া, অসমৰ বাহিৰত থকা ৰাজ্যসমূহৰ চৰকাৰৰ দ্বাৰা স্বীকৃতি দিয়া বৈধ নথিসমূহ এন আৰ চিত গ্ৰহণ কৰা,ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় প্ৰতিষ্ঠান ৰে'লৱে বিভাগৰ দ্বাৰা প্ৰদান কৰা পি পি অ নথিসমূহ এন আৰ চিত গ্ৰাহ্য কৰা, হিন্দু বাঙালীক নাগৰিকত্ব প্ৰদানৰ নথি-পত্ৰ ,নাগৰিকত্ব পত্ৰ , মাইগ্ৰেচন প্ৰ-পত্ৰ এন আৰ চিত নথি হিচাপে গ্ৰহণ কৰা, এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা আৰু এন আৰ চি ৰ অন্তৰ্ভুক্ত হোৱা হিন্দু বাঙালী নাগৰিক সকলক 'ডি' ভোটাৰৰ জাননী জাৰি কৰা বন্ধ কৰাৰ দাবী জনায় ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ডো প্ৰদৰ্শন কৰে ৷ কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি, বিভিন্ন বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে মহিলাও অংশ গ্ৰহণ কৰে ৷ সেইদৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতা মহানন্দ সৰকাৰ দত্ত, উৎপল সৰকাৰ আৰু কমল চৌধুৰীও উপস্থিত থাকে ৷ কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে উপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷
ইপিনে এক প্ৰেছ বিবৃতিত জিলা সমিতিৰ সভাপতি সম্ৰাট ভাওয়ালে অভিযোগ কৰি কয় যে যুগ যুগ ধৰি অসমত বসবাস কৰি অহা হিন্দু বাঙালীসকল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৷ এক কুটিল আৰু সুপৰিকল্পিতভাৱে যেন অসমৰ হিন্দু বাঙালীৰ ওপৰত সন্দেহযুক্ত নাগৰিকৰ লেবেল লগাই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু শৈক্ষিক উন্নয়নৰ
পৰা বঞ্চিত কৰি ৰাখিব বিচৰা হৈছে ৷ কেইবাদশক আগৰ পৰা অসমৰ হিন্দু বাঙালীসকলক 'ডি' ভোটাৰ সজোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ বোৰ্ডাৰ পুলিচে জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা সন্দেহযুক্ত নাগৰিকৰ মনেসজা তালিকাৰ পৰা ' ডি ' ভোটাৰৰ সন্দেহত বিদেশী ন্যায়াধীকৰণ নামৰ বিশেষ আদালতে গোচৰ ৰুজু কৰি হিন্দু বাঙালীসকলক জাননী প্ৰেৰণ কৰি আহিছে ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে বেছিভাগ সময়তে উক্ত জাননীবোৰ বোৰ্ডাৰ পুলিচৰ হাতত অথবা বিভাগীয় কৰ্তৃপক্ষৰ হাতত পৰি থাকে ৷ এনেদৰে একেৰাহে তিনিখন জাননী প্ৰেৰণ কৰাৰ পিচত উক্ত ব্যক্তিজনক বিদেশী ঘোষণা কৰা হয় ৷ জাননীসমূহ ব্যক্তিগৰাকীৰ হাতত নপৰাৰ বাবে সময়ত ব্যক্তিজন আদালতৰ কাষ চাপিব নোৱাৰে ৷ তাৰোপৰি কিছুমানে আকৌ আৰ্থিক সমস্যাৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ'ব নোৱাৰে বুলিও উল্লেখ কৰে ৷ বিবৃতিটোত জিলা সভাপতিগৰাকীয়ে আৰু কয় যে বিদেশী ঘোষিত ব্যক্তিসকলক আৱদ্ধ কৰি ৰাখিবলৈ ২০০৯ চনত ডিটেনচন কেম্পৰ জন্ম দিয়া হয় ৷ কিন্তু ডিটেনচন কেম্পত ভাৰতীয় মানুহক বিদেশী কাৰাগাৰত বন্দী কৰি ৰখাৰ দৰে হিন্দু বাঙালীসকলক স্বদেশৰ ডিটেনচন কেম্পত মানসিক নিৰ্যাতন কৰা হয় ৷ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সকলো গ্ৰহণ কৰাৰ পিচতো হিন্দু বাঙালী সকলক কিয় এনে নিৰ্যাতন চলোৱা হয় বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে অসমৰ বাঙালী হিন্দুসকলে কেতিয়াও বাংলা ভাষা প্ৰচলন অথবা নিজস্ব ভূমি বিচাৰি সংগ্ৰাম কৰা নাই ৷ কেৱল ভাৰতীয় হোৱাৰ মৰ্যদা বিচাৰিছে ৷ শেহতীয়াভাৱে অসমত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ১২ লক্ষাধিক হিন্দু বাঙালী ৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ ছিটিজেনশ্বিপ ছাৰ্টিফিকেট আৰু মাইগ্ৰেছন কাৰ্ড গ্ৰহণ নকৰি আমাক ইচ্ছাকৃতভাৱে বঞ্চিত কৰা হ'ল ৷ দ্যা ইমিগ্ৰেচন এক্সপালচন ফ্ৰম আসাম এক্ট ১৯৫০ ৰ ২ নং দফা অনুায়ী নিৰ্যাতনৰ বলি হৈ অসমত আশ্ৰয় লোৱাসকলক চৰকাৰে নাগৰিকত্ব দিবলৈ বাধ্য থাকিব ৷ উক্ত আইনখন থকাৰ পিচতো অসমৰ হিন্দু বাঙালীসকলে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ নথি- পত্ৰ জমা দি এন আৰ চিৰ আবেদন কৰিছিল যদিও তাৰ পিচতো এনে বঞ্চনা কিয় বুলিও তেওঁ প্ৰশ্ন কৰে ৷ লগতে বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ সপোন দেখা অসমৰ হিন্দু বাঙালীসকলৰ সমস্যা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতিশীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায় ৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও জিলা সভাপতি সম্ৰাট ভাওয়ালে প্ৰেছ বিবৃতিটোত উল্লেখ কৰে ৷
- Log in to post comments
- 40 views