চিৰাঙত সেনা আৰক্ষীৰ সফল অভিযান : গাঁতত পুতি থোৱা বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ 

bgn

বঙাইগাঁওঃ

বিটিএডিৰ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী পানবাৰী সংৰক্ষিত বনাঞ্চলত মঙলবাৰে সেনা আৰক্ষীৰ সফল অভিযানত গাঁতত পুতি থোৱা বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।মঙলবাৰে সন্ধিয়া ৫.৩০ বজাত ভাৰতীয় সেনাৰ পঞ্চম গাড়োৱাল ৰাইফলচৰ কাজলগাঁওস্থিত বেটেলিয়ন হেডকোৱাৰ্টাৰত সেনা -আৰক্ষীয়ে যৌথ সংবাদমেল সম্বোধন কৰি এই অভিযানৰ কথা সদৰি কৰে । ভাৰতীয় সেনাৰ পঞ্চম গাড়োৱাল ৰাইফলচৰ কমাণ্ডিং অফিচাৰ দীপক পাণ্ডে আৰু বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিয়ে সম্বোধন কৰা সংবাদমেলত সেনা - আৰক্ষী বিষয়াদ্বয়ে কয় যে , এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত  পুৱতি নিশা ৫ বজাৰ পৰা ৫.৩০ বজালৈ এছ এছ বি আৰু ভাৰতীয় সেনাৰ সহযোগত চিৰাং আৰক্ষীয়ে অভিযান চলায় । পানবাৰী থানাৰ পৰা  প্ৰায় ১৮ কিলোমিটাৰ উত্তৰত গাভৰুখুন্দা নামৰ ঠাইডোখৰত ভাৰতীয় সেনাৰ ট্ৰেকাৰ ডগৰ সহায়ত অনুসন্ধানত পলিথিনৰ দ্বাৰা মেৰিয়াই গাঁতত পুতি ৰখা অৱস্থাত ৮ টা টোপোলা উদ্ধাৰ কৰে । উদ্ধাৰকৃত টোপোলা কেইটা খোলাৰ পাছত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ হয় ।bgn2

 উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ সমুহৰ ভিতৰত কাৰখানাত নিৰ্মিত ৰাইফল ৯ টা, হস্ত নিৰ্মিত ৰাইফল ১১ টা , ৭.৬২ এ কে ছিৰিজৰ ৰাইফলৰ সঁজীৱ গুলী ৫৬ টা , ৫.৫৬ গুলী ১০ টা , ৭.৬২ স্নাইপাৰ গুলী ২১ টা , ৭.৬২ পিকা গুলী ১০ টা , ৭.৬২ চি টি এন ২৯ টা , ৩৩৩ নিট্ৰ' ১ টা , এম ২০ গুলী ১ টা , দেশীয় গুলী ৫ টা , খালী কাৰ্টিজ ৮৩ টা , ১২ ব'ৰৰ গুলীৰ খোলা ১৫ টা , ৭.৬২ পিষ্টল মেগজিন ৩ টা , পইন্ট ২২ পিষ্টল মেগজিন ১ টা , বিস্ফোৰক পদাৰ্থ ( পি ই কে) ১৭ কিলোগ্ৰাম , অতিৰিক্ত বেটাৰিৰ সৈতে  চীনত নিৰ্মিত এইচ ৱাই  টি হেণ্ড হেল্ড ৰেডিঅ' চেট দুটা , ১২ ভল্টৰ বেটাৰি ১ টা , তাঁৰ ৯৩ ফুট , লোৰ বল ১০ টা আৰু অতিৰিক্ত বেৰেল ১ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সংবিজিতপন্থী এন ডি এফ বি গোটে এই অস্ত্ৰ ভাণ্ডাৰটো লুকাই ৰখা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । বিভিন্ন পক্ষই সময়ে সময়ে দাবী কৰি অহাৰ দৰে উদ্ধাৰকৃত এই অস্ত্ৰভাণ্ডাৰে বিটিএডি অঞ্চলত যে এতিয়াও অবৈধ মাৰনাস্ত্ৰ মজুত আছে তাকেই পুনৰাই প্ৰমাণিত কৰিলে ।

Your Comments