গুৱাহাটীৰ নাট সমাৰোহত বৰপেটাৰ পিনাক নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিলে নাট 'ডাকঘৰ’

pinak

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :

গুৱাহাটীৰ সমাৰহাৰ নাট্য গোষ্ঠীৰ উদ্যোগত জিলা পুথিভড়াল প্ৰেক্ষাগৃহত যোৱা ২১ চেপ্তেম্বৰৰ পৰা  ২৭চেপ্তেম্বৰলৈ অনুষ্ঠিত হৈ থকা ১৩সংখ্যক আন্তঃৰাজ্যিক সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহত বৰপেটাৰ পিনাক নাট্যগোষ্ঠীয়ে ২৩ চেপ্তেম্বৰত মঞ্চস্থ কৰে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুুৰৰ বিখ্যাত নাটক 'ডাকঘৰ'৷ নাটকখনিয়ে উপস্থিত দৰ্শকৰ বাৰুকৈয়ে মন জয় কৰিবলৈ সক্ষম হয় ৷ নাটখনৰ অনুবাদ আৰু পৰিচালনা আছিল উৎপল কুমাৰ দাসৰ ৷ নাটখনিত অভিনয় কৰিছে ক্ৰমে- বাপন দাস, অনিৰুদ্ধ পাঠক, নিপন দাস,পিংকু মনি দাস, অজিত কুমাৰ দাস, পৰাগ জ্যোতি দাস, ধৃতিদৰ্শন দাস,মুকুল দাস, দীনেশ দাস, দিগন্ত দাস, অনিন্দিতা দাস, নৱপল্লৱ ওজা, ধৃতিমান ঠাকুৰীয়া আদিয়ে ৷ মেকআপ গুনীন্দ্ৰ নাথ নবিশ, পোহৰ পৰিকল্পনা আৰু সঞ্চালন কমল জ্যোতি দাস আৰু উদ্ধৱ সুত্ৰধৰ, সংগীত,মঞ্চ পৰিকল্পনা উৎপল কুমাৰ দাসৰ, প্ৰযোজনা নিয়ন্ত্ৰণ মুকুল দাসৰ, বিভিন্ন দিশত সহায় কৰিছে ডলী ওজা, ৰুবী ঠাকুৰীয়া, বিৰাজ ওজা, প্ৰানজিৎ দাস, নবজিৎ মালি  আদিয়ে ৷ নাটখন ইতিমধ্যে কেবাখনো নাট সমাৰোহলৈ আমন্ত্ৰণ লাভ কৰিছে৷

Your Comments