যতীন বৰাৰ টিম ৰত্নাকৰ শিৱসাগৰত : ছাত্ৰ ছাত্ৰীৰ মাজত পাৰ ভঙা উচাহ

jatin baraxa

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
 
জুবিন গাৰ্গৰ সদ্যমুক্তিপ্ৰাপ্ত কথাছবি কাঞ্চনজঙ্ঘাই দৰ্শকৰ বিপুল আদৰ পোৱাৰ পাছত এতিয়া অসমীয়া ছবি উদ্যোগক আৰু অধিক টনকিয়াল কৰিবলৈ  ছবিঘৰলৈ ১১ অক্টোবৰত আহিব যতীন বৰাৰ নতুন কথাছবি "ৰত্নাকৰ"।অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰত ব্যস্ত হৈ থকা যতীন বৰা, বৰষাৰাণী বিষয়া, নৱনীতা শৰ্মা বৰা সহ টীম ৰত্নাকৰৰ পৰিয়াল মঙলবাৰে উপস্থিত হয় শিৱসাগৰত।শিৱসাগৰ ছোৱালী কলেজ, শিৱসাগৰ মহাবিদ্যালয়ত উপস্থিত হৈ টিম ৰত্নাকৰে ছাত্ৰ ছাত্ৰী সকলৰ সৈতে  অন্তৰংগ আলাপ অনুষ্ঠানত মিলিত হয়।অসমীয়া কথাছবি উদ্যোগটোৰ উত্তৰণৰ স্বাৰ্থত দলটোৱে সকলোকে ছবিখন আদৰি লবলৈ অনুৰোধ কৰে।
যতীন বৰাৰ পৰিচালনা  আৰু নৱনীতা শৰ্মা বৰা প্ৰযোজনাত নিৰ্মিত এই ছবিত যতীন বৰাক এক নতুন ৰূপত দেখিবলৈ পাব দৰ্শকে। 
অভিনেতা যতীন বৰাই কয়,  অসমীয়া ছবিজগতত মোৰ ৩০ বছৰীয়া যাত্ৰাৰ বহু অভিজ্ঞাৰ  অন্তত এটা সপোন বাস্তৱ ৰূপ দিবলৈ গৈ আছো। ১১ অক্টাবৰত মুক্তি পাব ৰত্নাকৰ। দৰ্শকে ৰত্নাকৰক আকোৱালি ল'ব বুলি মই আশাবাদী। 

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত প্ৰচাৰ চলাবলৈ আহি ছাত্ৰী সকলৰ আমাৰ প্ৰতি যি মৰম আৰু যি উৎসাহ, উদ্দীপনা দেখিছো সেইয়া দেখি আমাৰ উৎসাহ আৰু বাঢ়ি গৈছে। ৰত্নাকৰ চাবলৈ হিলদোল ভাঙি আসমীয়া দৰ্শকক ওলাই আহিবলৈ অহ্বান জনাই অভিনেত্ৰী বৰষাৰাণী বিষয়াই। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ সংগীত পৰিচনা কৰিছে জুবিন গাৰ্গে। ছবিখনৰ গীতসমূহ লিখিছে জুবিন গাৰ্গ, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই। কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অভিজিৎ ভট্টাচাৰ্যৰ। একচন, ৰোমাঞ্চ, কমেডী আদি মনোৰঞ্জনৰ সকলো উপাদানেৰে ভৰপূৰ  ‘ৰত্নাকৰ’ অক্টোবৰৰ দ্বিতীয় শুকুৰবাৰে আহিব ছবি ঘৰলৈ।

Your Comments