মৰিগাঁৱৰ পৰা জিতুমণি নাথ
ক্ৰীড়াক্ষেত্রত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে ৰূপায়ণ কৰা 'সকলোৰে বাবে ক্ৰীড়া আচঁনি'ৰ অধীনত অহা ৩ নৱেম্বৰত মৰিগাঁও জিলা প্ৰশাসনে মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। এই উপলক্ষে মঙলবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।সভাত উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে চৰকাৰে গ্ৰহণ কৰা এই আচঁনিখনৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত ক্ৰীড়া সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা।ক্ৰীড়াই মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰে বুলি উল্লেখ কৰি আগন্তক মাৰাথান দৌৰ প্ৰতিযোগিতাত কেৱল মাৰাথান দৌৰ প্ৰতিযোগীসকলেহে যে অংশ গ্ৰহণ কৰিব,তেনে নহয়। এই প্ৰতিযোগিতাখনত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে প্ৰতিযোগিতাখন সফল কৰি তুলিবলৈ সকলোৰে সহায়-সহযোগিতা আশা কৰে।মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,অতিৰিক্ত উপায়ুক্ত ডা:তহিদুৰ ৰহমান,অৰূপ পাঠক, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক জয়ন্ত কুমাৰ ডেকাই অংশ গ্ৰহণ কৰা সভাখনত উপায়ুক্ত ঋতুৰাজ বৰাক সভাপতি, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক উপ- সভাপতি,জিলা ক্ৰীড়া বিষয়া চিদানন্দ দিহিঙীয়াক সদস্য সচিবৰ লগতে নিৰ্বাচন বিষয়া পল্লৱজ্যোতি দাস,বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ তিলক চন্দ্ৰ শইকীয়া,যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিণী বৰকটকী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সদস্য হিচাপে লৈ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন সমিতিও গঠন কৰা হয়।
- Log in to post comments
- 12 views