ক্ৰমাগত অষ্টম দিনলৈ দেশত বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

Petrol Pump

দেশত অব্যাহত আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি।মঙলবাৰেও দেশজুৰি বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।আজিৰে সৈতে ক্ৰমাগতভাৱে অষ্টম দিনলৈকে বৃদ্ধি পালে ইন্ধন দুবিধৰ মূল্য।আজি দিল্লীত পেট্ৰ'লৰ মূল্য ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ৭৪ টকা ১৩ পইচা হয়গৈ।আনহাতে,ডিজেলত ১৪ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ৬৭ টকা ৭ পইচা হয়গৈ।ইফালে,মুম্বাইত পেট্ৰ'ল লিটাৰে প্ৰতি ৭৯ টকা ৭৯ পইচা আৰু ডিজেল ৭০ টকা ৩৭ পইচাত বিক্ৰী হৈছে।আজিৰ মূল্যবৃদ্ধিৰ সৈতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি বছৰটোৰ  সৰ্বোচ্চ স্তৰত উপনীত হ'ল।ছৌদী আৰবৰ তেল শোধনাগাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবেই বিশ্বজুৰি পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ঘটিছে।

Your Comments