বেংক বিষয়াসকলৰ চাৰিটা ইউনিয়নে অহা ২৬-২৭ ছেপ্টেম্বৰত পালন কৰিব লগীয়া ধৰ্মঘট স্থগিত কৰা হৈছে।দহটা ৰাষ্ট্ৰীয় খণ্ডৰ বেংকক একত্ৰিত কৰি চাৰিটা বেংক কৰাৰ প্ৰতিবাদত ইউনিয়নসমূহে এই ধৰ্মঘটৰ আহ্বান জনাইছিল।বিত্ত সচিব ৰাজীৱ কুমাৰে বেংক বিষয়াসকলৰ চিন্তা-আশংকা সমূহত গুৰুত্ব দিব বুলি আশ্বাস দিয়াৰ পিছত ইউনিয়নসমূহে ধৰ্মঘট স্থগিত কৰে।
- Log in to post comments
- 19 views