বঙাইগাঁও পৌৰসভাৰ কাম- কাজকলৈ সৰৱ বিজেপিৰ ৱাৰ্ড কমিচনাৰ : মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও পৌৰ সভাৰ নিম্ন মানসিকতা আৰু কুটিল ৰাজনীতিৰ বাবে গভীৰ আক্ষেপ প্ৰকাশ কৰিছে পৌৰ সভাৰ ১৮ নং ৱাৰ্ডৰ বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ হৰিদেৱ ৰায়ে ৷ এই সন্দৰ্ভত এক বিবৃতিত ৱাৰ্ড কমিচনাৰগৰাকীয়ে কয় যে বিগত ২০১৫ চনৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি দীপু চৌধুৰীৰ নেতৃত্বত পৌৰ সভা গঠন হোৱাৰ পিচৰে পৰা বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে ৰাজনৈতিক হিংসুকতা আৰু কুটিল ৰাজনীতি আৰম্ভ কৰে ৷ বিগত চাৰে চাৰি বছৰ কাল ধৰি অগপৰ দখলত নথকা ৱাৰ্ড এলেকা সমূহত উন্নয়নমূলক কাম- কাজ বন্ধ  কৰি ৰাখে ৷ পৌৰ সভাৰ অন্তৰ্গত ১৮ নম্বৰ ৱাৰ্ড, ৬ নম্বৰ ৱাৰ্ড আৰু ১০ নম্বৰ ৱাৰ্ডত মুঠেও উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা নাই বুলিও তেওঁ কয় ৷ সেইদৰে ১৮ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত তৎপাৰা হৰি মন্দিৰৰ সন্মুখৰ পথটোৰ লগতে ৰূপনাথ দিহিদাৰৰ কাষৰ পথটোৰ পৰা জহৰ সিংহৰ ঘৰৰ কাষলৈ থকা পথটোৰ লগতে আন কেইবাটাও পথৰ উন্নয়নৰ বাবে পৌৰপতিক বাৰে বাৰে আবেদন জনোৱাৰ পিছতো উক্ত পথসমূহৰ উন্নয়ন কৰা  নাই ৷

এই বিষয়ত ৰাইজে দাবী উত্থাপন কৰিলে তেওঁলোকক বিজেপি বুলি অৱহেলা আৰু ইতিকিং কৰি পঠাই দিয়ে বুলিও উল্লেখ কৰে ৷ বিজেপিৰ ৱাৰ্ড কমিচনাৰ হৰিদেৱ ৰায়ে বিবৃতিটোত কয় যে বৰ্তমান অসম চৰকাৰখন বিজেপি, অগপ আৰু বিপিএফ দলৰ সন্মিলিত চৰকাৰ ৷ কিন্তু মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু পৌৰপতি দীপু চৌধুৰীয়ে বিজেপি দলৰ কৰ্মকৰ্তা আৰু নিৰ্বাচিত ৱাৰ্ড কমিচনাৰ সকলক মুঠেও গুৰুত্ব প্ৰদান নকৰে ৷ চহৰখনৰ যিবোৰ অঞ্চল খিলঞ্জীয়া বসতি প্ৰধান সেই অঞ্চলসমূহক বিগত ৩৫ বছৰেই অৱহেলাৰ চকুৰে চাইছে। চহৰখনৰ যিবোৰ এলেকাত অনা অগপ দলৰ ৱাৰ্ড কমিচনাৰ আছে সেই ৱাৰ্ডসমূহত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে জনগণৰ হিতাৰ্থে আগবঢ়োৱা আঁচনিসমূহৰ পৰা তেনে লোকসকলক বঞ্চিত কৰি ৰাখিছে ৷ তাৰোপৰি পৌৰ সভাৰ কাম- কাজত অগপ দলৰ কৰ্মকৰ্তাক এশ শতাংশ কামৰ আৱন্টন দিছে আৰু সকলোবোৰ কাম অতি নিম্নমানৰ হৈছে বুলি অভিযোগ কৰিছে ৷

লগতে পৌৰপতি আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে কমিচনৰ অংকত কাম কাজবোৰ আগুৱাই নিছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ গৃহ নিৰ্মাণ, বজাৰ নিৰ্মাণ, ডাষ্টবিন নিৰ্মাণ আদিত নিজ খেয়াল খুচি মতে ভঙা- টুটা কৰিছে আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মূৰত ৰাম টাঙোন আৰু পেটত গোৰ মাৰিছে ৷ সেয়ে আগন্তুক পৌৰ সভা নিৰ্বাচনত উক্ত বিষয়সমূহৰ প্ৰতি দৃষ্টি ৰাখি বিজেপি দল আৰু পৌৰসভাৰ ভোটদাতা ৰাইজক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৱাৰ্ড কমিচনাৰগৰাকীয়ে আহ্বান জনাইছে ৷

Your Comments