বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন :
ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত বিগত তিনি বছৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকলৈ সোমবাৰে মহাবিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়খনৰ কৃৰ্ত্বপক্ষক এক স্মাৰক পত্র প্ৰদান কৰে ।এন এছ ইউ আইৰ ৰাজ্যিক সম্পাদক, মোস্তফা জামান ছামিম আৰু ধুবুৰী জিলা (আমছু)ৰ সভাপতি আব্দুল ওহাৱে সংবাদ-মাধ্যমক জনাই যে মহাবিদ্যালয়খনৰ কৃৰ্ত্বপক্ষই অতি সোনকালে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰিলে শীঘ্ৰেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।
- Log in to post comments
- 7 views