বঙাইগাঁওঃ
বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত সোমবাৰে উপায়ুক্ত আদিল খানৰ সভাপতিত্বত বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ সকলো আচঁনিৰ ওপৰত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় ৷ এই সভাত জিলাখনৰ অন্তৰ্গত পাচঁটা সংহত শিশু বিকাশ প্ৰকল্পৰ শিশু বিকাশ প্ৰকল্প বিষয়া , মুখ্য সেৱিকা সকল, পোষণ অভিযানৰ জিলা তথা খণ্ড পৰ্যায়ৰ সমূহ বিষয়া-কৰ্মচাৰী সকল, প্ৰধান মন্ত্রী মাত্ৰু বন্দনা যোজনা আচঁনিৰ জিলা সমন্বয়ক, এছ বি পি , পোষণ অভিযানৰ লগত জড়িতসকল , বঙাইগাঁও যুটীয়া চিকিৎসা আৰু স্বাস্থ্য বিষয়া , এছ বি আই বেংকৰ পৰিচালক , জিলা প্ৰাথমিক শিক্ষা বিষয়া আদি সকল উপস্থিত থাকে । এই সভাত জিলা সমাজ কল্যাণ বিষয়া হেমী বৰাই জিলাখনত সমাজ কল্যাণ বিভাগৰ অধীনত চলি থকা প্ৰধান মন্ত্রী মাত্রু বন্দনা যোজনা , পোষণ অভিযান , 'ৱান ষ্টপ চেন্টাৰ , বিশেষভাবে সক্ষম ব্যক্তি সকলৰ বিভিন্ন আচঁনি সমূহৰ তথ্যসমূহ পাৱাৰ পইন্টযোগে বিতংভাৱে প্ৰদৰ্শন কৰে আৰু জিলা উপায়ুক্ত আদিল খানে প্ৰতিটো আচঁনিৰ বিষয়ে পুংখানুপংখভাবে আলোচনা কৰি বিভিন্ন অভাব অভিযোগৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু মুখ্য সেৱিকাসকলৰ কাম-কাজৰ ওপৰত উৎসাহ প্ৰদান কৰি শলাগ লয় ৷ লগতে এই ধাৰা অব্যাহত ৰাখিবলৈ সকলোকে অনুৰোধ জনায় । এই সভাৰ পূৰ্বে জিলা পৰ্যায়ৰ দীন দয়াল দিব্যাংগজন পেঞ্চন আচঁনিৰ বাচনি সমিতিৰ অনুমোদন সভাখন অনুষ্ঠিত হৈ যায় । ইয়াৰ পিছত উপায়ুক্ত আদিল খানে সমাজ কল্যাণ বিভাগৰ জৰিয়তে ৰূপায়িত হৈ থকা ৱান ষ্টপ চেন্টাৰটোৰ স্থায়ী ভৱনৰ আধাৰ শিলা স্থাপন কৰে । ইতিমধ্যে এই স্থায়ী ভৱনটোৰ বাবে মাজগাঁওস্থিত জিলা অসামৰিক চিকিৎসালয়ত অৱস্থিত মাটি আবন্টিত হৈ আছিল । আধাৰ শিলা স্থাপন অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰী, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, ৱান ষ্টপ চেন্টাৰৰ চেন্টাৰ এডমিনিষ্ট্ৰটৰ , প্ৰকল্প বিষয়া সকল , কাৰ্যবাহী বিষয়া , সহকাৰী কাৰ্যবাহী বিষয়া সকল উপস্থিত থাকে ।
- Log in to post comments
- 9 views