বঙাইগাঁওঃ
বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত গণিত আৰু বিজ্ঞান বিষয় দুটা জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে 'Grooming & Mentoring of Students' শীৰ্ষক এক কৰ্মশালা অাৰম্ভ হৈছে ৷ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অনুদানত বিদ্যালয়খনৰ গণিত ফেচিলিটেটৰ জুৰিটি চৌধুৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত হোৱা কৰ্মশালাখন উদ্বোধন কৰে বঙাইগাঁও ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱীয়ে ৷ তেওঁ লগতে ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি বহুমূলীয়া ভাষণো আগবঢ়ায় ৷ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে গণিত ফেচিলিটেটৰ জুৰিটি চৌধুৰীয়ে ৷ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ গোস্বামী, বিদ্যালয়খনৰ শৈক্ষিক তত্বাৱধায়ক জ্যোতিৰ্ময় মজুমদাৰ উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি গণিত আৰু বিজ্ঞান বিষয় দুটা অধ্যয়নত ব্যৱহাৰিক কৌশলৰ ব্যৱহাৰ সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ এই কৰ্মশালাত বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বীৰঝৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু বঙাইগাঁও টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ কিছু নিৰ্বাচিত ছাত্ৰ - ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷
- Log in to post comments
- 11 views