ভাৰতীয় ইতিহাস সংকলন সমিতি,নলবাৰী জিলা সমিতিৰ উদ্যোগ:ঐতিহাসিক জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শতবৰ্ষ পূৰ্তিৰ বক্তৃতানুষ্ঠান সম্পন্ন

নৰেন শৰ্মা,বাহাৰঘাট

ভাৰতীয় ইতিহাস সংকলন সমিতি,নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু ইতিহাস বিভাগ,নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সহযোগত উক্ত মহাবিদ্যালয় প্ৰেক্ষাগৃহত ঐতিহাসিক জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ শতবৰ্ষপূৰ্তি উপলক্ষে যোৱা ২১ চেপ্তেম্বৰত বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰে৷জিলা সমিতিৰ সভাপতি ঈশ্বৰ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ইতিহাস সংকলন সমিতিৰ অসম ক্ষেত্ৰৰ সচিব ডঃ শুভজিৎ চৌধুৰীয়ে ইতিহাস সংকলন সমিতিৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে৷মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ অনিমা দত্তৰ তত্বাৱধানত ইতিহাস বিভাগৰ ছাত্ৰীসকলে আৰম্ভণি গীত আৰু বন্দে মাতৰম পৰিৱেশন কৰে৷সভাত আদৰণি ভাষন দিয়ে এমএনচি কলেজৰ অধ্যক্ষ ডঃ কৃষ্ণ চন্দ্ৰ গৌড়ে।সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বালন কৰে ইতিহাস সংকলন সমিতিৰ সাংগঠনিক সচিব ভৱৰঞ্জন ৰায়ে।জিলা সমিতিৰ সচিব শচীন্দ্ৰ কুমাৰ কলিতাই আঁত ধৰা সভাখনত ড:ৰাতুল শৰ্মা,উপমা বৰ্মন ডেকা,প্ৰীতম মল্ল বুজৰবৰুৱা আদি কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।সভাখনত এমএনচি বালিকা মহাবিদ্যালয় আৰু নলবাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে৷

Your Comments