ডিমৌ শাখা সাহিত্য সভাৰ বৈঠকঃ শিশু গ্ৰন্থ উন্মোচন

dimou

ডিমৌৰ পৰা অভিজিত গগৈৰ প্ৰতিবেদনঃ

দেওবাৰে দিনৰ ১১ বজাত কবি ,গল্পকাৰ দিতীমণি দত্তৰ ডিমৌ চ্যুকাফা নগৰস্থিত বাসগৃহত  ডিমৌ শাখা সাহিত্য সভাৰ মাহেকীয়া  বৈঠক খনি  অনুষ্ঠিত হয়। ডিমৌ  শাখা সাহিত্য সভাৰ সম্পাদিকা বিউটি কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী তথা বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগম ,শিৱসাগৰ জিলা নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰূপক ভূঞা ,ডিমৌ মহাবিদ্যালয়ৰ অধ্যাপিকা হামিদা বেগম ,জ্যেষ্ঠ বিশিষ্ট বুৰঞ্জীবিদ পূৰ্ণ গগৈৰ লগতে অতিথি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক তথা ডিমৌ শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক  অভিজিত গগৈ, ডিমৌ শাখা কবি সন্মিলনৰ সভাপতি জিতেন নাথ, লেখক দুলেশ্বৰ বেজবৰুৱা আদি বহু গণ্য মান্য লোক। উক্ত বৈঠকৰ মূল বিষয়বস্তু  আছিল " সাম্প্ৰতিক সময়ত অসমীয়া নাটকৰ প্ৰভাৱ আৰু ভূমিকা" । এই বিষয়ে বক্তব্য  আগবঢ়াই ৰূপক ভূঞাই । ডিমৌ শাখা সাহিত্য সভাৰ উপদেষ্টা  ভীম দিহিঙ্গীয়াৰ সঞ্চালনাত  অনুষ্ঠিত বৈঠকতে কবি ,গল্পকাৰ দিতীমণি দত্তৰ এখনি শিশু গ্ৰন্থ " গাই গাই শিকোঁ আহা" উন্মোচন কৰা হয় । গ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্টা  আবৃত্তিকাৰ জুলিয়ানা বেগমে। অনুষ্ঠানৰ মাজতে জুলিয়ানা বেগমৰ কবিতা আবৃত্তিৰে অনুষ্ঠানটি জীপাল হৈ পৰে। এই অনুষ্ঠানতে কবিতা পাঠ কৰে ডিমৌ মহাবিদ্যালয়ৰ  অধ্যাপিকা তথা ডিমৌ শাখা কবি সন্মিলনৰ পত্ৰিকা সম্পাদিকা জী মণি গগৈ,  সীমান্ত ফুকন আদিয়ে।অনুষ্ঠানটোত গীত পৰিৱেশন কৰে অনিমা ফুকন, মিতালী বৰগোহাঁইয়ে ।  শাখাৰ সভানেত্ৰী পদ্মা লাহন চেতিয়া আৰু দিতীমণি দত্তই বৈঠকত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি  মাৰে ।

Your Comments