উজনি অসম সাঁচি কৃষক আৰু ব্যৱসায়ী সন্থাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ  

golaghat

গোলাঘাট :

যোৱা ২১ চেপ্তেম্বৰ শনিবাৰে গোলাঘাট কমাৰবন্ধাৰ জয়হিন্দ পুথিভঁৰাল আৰু ক্লাবত "উজনি অসম সাঁচি কৃষক আৰু ব্যৱসায়ী সন্থা"ৰ গোলাঘাটি জিলা  সমিতিৰ এখন কাৰ্যনিৰ্বাহ বৈঠক অনুস্থিত হৈ যায়। বিগত ১৫  চেপ্তেম্বৰত কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহ ত অনুস্থিত হোৱা ৰাজহুৱা সভাত নৱগঠিত জিলা সমিতি খনে এই কাৰ্যনিৰ্বাহক বৈঠকতে কাৰ্যভাৰ গ্ৰহণ কৰে। উজনি অসম সাঁচি কৃষক আৰু ব্যৱসায়ী সন্থাৰ গোলাঘাট জিলা সমিতিৰ নৱনিৰ্বাচিত সদস্য সকলৰ উপস্থিতিত সাধাৰণ সম্পাদক ৰুস্তম বৰাই আঁতধৰা বৈঠক খনত  সভাপতিত্ব কৰে আদৰ্শ কৃষক বটাপ্ৰপক তথা জিলা সমিতিৰ উপদেষ্টা দেৱজিৎ গগৈয়ে। সভাত নবনিৰ্বাচিত জিলা সভাপতি চমিৰুৎদ্দিন আহমেদ, সহকাৰী সম্পাদক প্ৰিয়ব্ৰত শইকীয়া, কাৰ্যবাহী সদস্যা অধিবক্তা ৰীণা শইকীয়াৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বিৰেণ বৰা, পৰাগ হাজৰিকা আদিয়ে বক্তব্য ৰাখে। সভাত ১৫  চেপ্তেম্বৰ তাৰিখে অনুস্থিত হোৱা ৰাজহুৱা সভাত গৃহীত প্ৰস্তাৱ সমূহ পুনৰীক্ষণ কৰি উজনি অসমৰ সাঁচি কৃষক আৰু ব্যৱসায়ী সকলৰ ন্যায্যপ্ৰাপ্তি আৰু অধিকাৰ তথা স্বাৰ্থ সুৰক্ষিত হোৱাৰ দাবীত  কেইবাটাও গুৰুত্বপূৰ্ণ নতুন প্ৰস্তাৱ  গ্ৰহণ কৰে। নৱগঠিত কাৰ্যনিৰ্বাহক বৈঠকতে অবিভক্ত শিৱসাগৰ জিলাৰ সাঁচি কৃষিৰ গুৰুত্ব আৰু প্ৰকৃতিপ্ৰদত্ব অৱস্থানলৈ লক্ষ্য কৰি অবিভক্ত শিৱসাগৰ জিলা আৰু কাৰ্বিআংলং জিলাক সামৰি এক বিশেষ " সাঁচি কৃষি জৈৱ-বৈচিত্ৰ বৰ্ষাৰণ্য  অঞ্চল " ঘোষণা কৰাৰ লগতে গোলাঘাট জিলাত স্থাপন হবলগা অসম চৰকাৰৰ কেবিনেট সমিতিৰ প্ৰস্তাৱিত " আগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত অসমৰ পৰম্পৰাগত কাগজ ( Traditional paper) সাঁচিপাত বিক্ৰী আৰু প্ৰদৰ্শনীৰ বাবে আছুতীয়াকৈ এটা কোঠালী আবণ্টন জনাবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Your Comments