নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,উত্তৰ-পূব নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক সমীন ৰাজবংশী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখন দেওবাৰে আৰম্ভণি হয় কটৰা হাইস্কুল খেলপথাৰত ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰাম কলিতাই শুভ উদ্বোধন কৰা খেলখনত উপস্থিত থাকে জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰনৱজ্যোতি কলিতা, হিৰণ্য কুমাৰ ভট্টাচাৰ্যকে ধৰি পৰিষদৰ বিভিন্ন পৰ্য্যায়ৰ নেতা সদস্য সকলে। প্ৰায় তিনিশতাধিক ক্ৰীড়া প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত দেওবাৰৰ আৰম্ভণি খেলখনত অংশগ্ৰহণ কৰা ধনতোলা এফ. চি ক্লাৱ আৰু পূৱ নলবাৰী এফ.চি ক্লাৱৰ ভিতৰত ধনতোলা এফ. চি ক্লাৱে পূৱ নলবাৰী এফ.চি ক্লাৱক তিনি গ’লত পৰাস্ত কৰে ৷
- Log in to post comments
- 3 views