বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ অন্তৰ্গত ধুৰকুছিত অৱস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে দিনৰ ভাগত সমবায় সমিতিৰ কাৰ্য্যালয় প্ৰাঙ্গনত অনুস্থিত হয়৷ সমবায় সমিতি খনৰ সভাপতি থানেশ্বৰ গোস্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা সাধাৰণ সভাখনত প্ৰায় চাৰি শতাধিক অংশীদাৰ উপস্থিত থাকে৷সভাত সমবায় খনৰ সচিব বসন্ত বেজবৰুৱাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ পিচতে আভ্যন্তৰীণ হিচাপ পৰীক্ষক চন্দন শৰ্মাই বাৰ্ষিক আয় ব্যয়ৰ হিচাপ দাখিল কৰে৷উল্লেখযোগ্য যে চলিত ২০১৮/১৯ বৰ্ষত সমবায় খনে মুঠ  ৬,৩৯,৪৫১/=(ছয় লাখ উন্নচল্লিশ হেজাক চাৰি শ একাৱন্ন)টকা আয় কৰিবলৈ সক্ষম হয়৷ইয়াৰ পিচতে চৰকাৰী হিচাপ পৰীক্ষক গৌৰাঙ্গ ডেকাৰ প্ৰতিবেদন পাঠ কৰে।তাৰ পিছত ২০১৯/২০ চনৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিয়োগ আৰু পাৰিতোষিক নিৰ্ধাৰণ,বাজেট গ্ৰহণ,ঋনৰ সীমা নিৰ্ধাৰণ,আদি বিষয় পুংখানুপুংখভাবে আলোচনা কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহন কৰে৷

baharghat2 উক্ত সভাতে সমবায় খনৰ জৰিয়তে একাংশ কৃষকে কো-অপাৰেটিভ এপেক্স বেংকৰ পৰা ঋন লৈ আজি পৰ্যন্ত পৰিশোধ নকৰাত আচাৰ্য প্ৰকাশ কৰি শীঘ্ৰেই এই সমুহ ঋন আদায়ৰ ক্ষেত্ৰত বলিষ্ঠ ভুমিকা লোৱাৰ বাবে অংশীদাৰ সকলে সভাপতি,সচিব তথা সঞ্চালক মণ্ডলীক নিৰ্দেশ দিয়ে৷ ইফালে আজিৰ সভাত উপস্থিত থকা অংশীদাৰক মাননি দিয়াক লৈও উপস্থিত অংশীদাৰৰ মাজত সৰব আলোচনা চলে৷সভাত চৰকাৰী পৰ্য্যবেক্ষক হিচাবে নৱকুমাৰ ডেকা উপস্থিত থাকে৷

Your Comments