গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা : ১৪ জন বৰ্হিৰাজ্যৰ লোকক আটক 

golaghat

গোলাঘাট :

আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত বৃহৎ সাফল্য লাভ কৰে গোলাঘাট আৰক্ষীয়ে।  এখন হোটেলত বাহৰ পাতি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ বুলন্দ চহৰ আৰু দিল্লীৰ  ১৪ জনকৈ সন্দেহযুক্ত লোকক এক অভিযান চলাই আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে , উক্ত লোককেইজন  গুৱাহাটীৰ বহু অপৰাধৰ লগত জড়িত ইৰাণী গ্ৰুপৰ সদস্য আছিল। লোককেইজন বেংক ডকাইতি, পথচাৰীৰ পৰা ধন লুট, আদি বিভিন্ন অপৰাধৰ সৈতে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। কাৰণ গুৱাহাটীত এনে অপৰাধ সংঘটিত কৰি আৰক্ষীৰ জালত পৰাৰ ভয়ত গোলাঘাটলৈ পলায়ন কৰাৰ খবৰ আছিল আৰক্ষীৰ। শুক্ৰবাৰৰ পৰা বাহৰ পাতি থকা দলটোৱে চহৰখনত বাচন -বৰ্তন, কাপোৰ বিক্ৰী কৰিবলৈ অহা বুলি জনোৱাৰ লগতে কেইজনমানে বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক ড্ৰয়িঙৰ পাঠ দিবলৈ অহা বুলি উল্লেখ কৰে। গ্ৰেপ্তাৰ হোৱা চক্ৰটোৰ লোককেইজনৰ নাম হৈছে, ৰঘূ ৰাজ,মহম্মদ বাবলু, মহম্মদ চমন, মহম্মদ ৱাচিম, মহম্মদ হাচান, মুন্নাবাৰ ,জাকিৰ হুছেইন,গুডু খান, মহম্মদ ৰচিদ, নুৰ হাচান, দীনেশ কুমাৰ ,যশপাল আৰু নৰেশ বুলি কৈছে। বিশেষ সূত্ৰে প্ৰকাশ যে গোলাঘাটতো অপৰাধ সংঘটিত কৰা লক্ষ্য আছিল দলটোৰ যদিও গোলাঘাট আৰক্ষীয়ে সমগ্ৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।ইতিমধ্যে গুৱাহাটীৰ পৰাও এটা আৰক্ষী দলে গোলাঘাট আৰক্ষী থানাৰ পৰা  দলটোক জিম্মাত লৈ পুনৰ গুৱাহাটীলৈ ঘূৰি গৈছে। পূজাৰ সময়ত গোলাঘাট আৰক্ষীৰ এনে সফলতাত গোলাঘাটবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে।

Your Comments