বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশন সম্পন্ন : নতুন সমিতি গঠন 

bgn

বঙাইগাঁওঃ 
সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বঙাইগাঁঁও জিলা কৰ্মচাৰী পৰিষদৰ দ্বি- বাৰ্ষিক অধিৱেশনখন দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও এম ই স্কুল প্ৰাংগণত অনুষ্ঠিত হয় ৷ অধিৱেশন উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি নিৰ্মল কুমাৰ ৰায়ে আৰু স্মৃতি তৰ্পণ কৰে উপ সভাপতি ছৈয়দ নুৰ মহম্মদে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় প্ৰতিনিধি আৰু বিষয় বাছনি সভা ৷ বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি নিৰ্মল কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাচনি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰায়ে ৷ সভাত সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰায়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ অন্তত সভাৰ আলোচনা মৰ্মে বিষয় বাচনি সভা আৰম্ভ হয় ৷ বিষয় বাচনি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সদস্য শৰৎ দাস , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অশোক কুমাৰ মহন্ত, কমল দেৱনাথ আৰু শংকৰ নাথ কেন্দ্ৰীয় পৰ্যৱেশক হিচাপে উপস্থিত থাকে ৷ বিষয় বাচনি সভাত আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সত্য নাৰায়ণ ৰায়ক সভাপতি আৰু পংকজ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ মুঠ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয় ৷ সভাত শেহতীয়াভাৱে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকে এগৰাকী কাৰ্যবাহী দণ্ডাধীশক প্ৰহাৰ কৰা ঘটনাৰ নিন্দা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে সকলো স্তৰৰ বিষয়াসকলক সংযত হ'বলৈ সভাই আহ্বান জনায় ৷ সভাত এই ধৰণৰ ঘটনাই সমাজত মান্যতাৰ অভাৱ ঘটাব বুলিও নৱ নিৰ্বাচিত সভাপতি সত্য নাৰায়ণ ৰায়ে উল্লেখ কৰে ৷

Your Comments