অভয়াপুৰীত বিজেপিৰ উদ্যোগত নাগৰিকপঞ্জী সম্পৰ্কীয় কৰ্মশালা 

bjp

বঙাইগাঁওঃ 

সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিক সকলক আইনী সাহাৰ্য তথা পৰামৰ্শ আগবঢ়োৱাৰ বাবে ৰাজ্যিক বিজেপিৰ নিৰ্দেশনাত অসম প্ৰদেশ আইন আৰু ন্যায়িক কাৰ্য বিভাগৰ উদ্যোগত তথা বঙাইগাঁও জিলা আইন আৰু ন্যায়িক কাৰ্য বিভাগৰ সহযোগত শনিবাৰে অভয়াপুৰীৰ জ্যোতি সাংস্কৃতিক অনুষ্ঠান ভৱনত এক কৰ্মশালা অনুষ্ঠিত হয় ৷ বিজেপিৰ আইন কোষৰ ৰাজ্যিক সমন্বয়ক বেনুধৰ নাথ,সদস্য নৱজ্যোতি ডেকা, জিলা সমন্বয়ক ৰঞ্জনা ৰাণী দত্ত, জিলা বিজেপিৰ উপ সভাপতিদ্বয় কৌস্তভ কুমাৰ দাস, দীনেশ সৰকাৰ, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী সৰযু দেৱী, অধিবক্তা আবু চালেহ মোঃ মুছা, বঙাইগাঁও আইন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰি নাৰায়ণ দাস আদি উপস্থিত থকা কৰ্মশালাখনত বিজেপিৰ বঙাইগাঁও জিলাৰ দলীয় কৰ্মীৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা ভুক্তভোগী পৰিয়ালৰ পাঁচশৰো অধিক লোক উপস্থিত থাকে ৷ কৰ্মশালাখনৰ আৰম্ভণিতে জিলা বিজেপিৰ উপ সভাপতি কৌস্তৱ কুমাৰ দাসে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় নাগৰিকসকলে ভয় খোৱাৰ কোনো কাৰণ নাই বুলি কৈ বিজেপি চৰকাৰখন প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওচৰত দায়ৱদ্ধ বুলি কয় ৷ আনহাতে আইন কোষৰ ৰাজ্যিক সমন্বয়ক বেনুধৰ নাথে নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা বিভিন্ন কাৰণসমূহ ৰাইজক অৱগত কৰোৱাৰ লগতে ভুক্তভোগী ৰাইজৰ সৈতে বিজেপি চৰকাৰখন সদায়ে থাকিব বুলি কয় ৷ লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক তেওঁলোকৰ নাম এন আৰ চিত সন্নিবিষ্ট কৰাৰ বাবে আইনী সাহাৰ্য প্ৰদান কৰাৰ কথা দোহাৰে ৷ কৰ্মশালাখনত বঙাইগাঁও আইন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰি নাৰায়ণ দাসেও বক্তব্য ৰাখে ৷

Your Comments